BVFCL কৰ্তৃপক্ষলৈ আছুৰ চৰম পত্ৰঃ মানৱ সম্পদ সৃষ্টিৰ বাবে নাই ধন, বহিঃৰাজ্যৰ বিষয়াক সংস্থাপন কৰিবলৈ সৃষ্টি কৰে নতুন পদ…

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পোৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এল নতুন নেতৃত্বই নামৰূপৰ সমাজ জীৱনৰ পৰিপন্থী হৈ কাম কৰাৰ অভিযোগ কৰিছে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই। এই সন্দৰ্ভত নামৰূপ আছুৰ সভাপতি সত্য প্ৰতিম ৰাজপুত আৰু সাধাৰণ সম্পাদক অসীম ফুকন স্বাক্ষৰিত এক চৰম পত্ৰ প্ৰেৰণ কৰিছে উদ্যোগ কৰ্তৃপক্ষলৈ।
দীৰ্ঘদিনে অসম বিৰোধী চক্ৰ সক্ৰিয় হৈ থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ উদ্যোগটোৰ শেহতীয়া কিছু কাম কাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি পত্ৰত উল্লেখ কৰে যে- বি ভি এফ চি এলে পূৰ্বে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত যি অলপ কাম কাজ কৰি আহিছিল তাৰ পৰা আঁতৰি ব্যক্তিগত খণ্ডৰ উদ্যোগৰ দৰে চৰিত্ৰ প্ৰদৰ্শন কৰিছে ।
উদ্যোগটোৰ ভিতৰ চ’ৰাত একাংশ শীৰ্ষ বিষয়াই ক্ষমতাৰ অপপ্ৰয়োগ কৰি অসমীয়া বিৰোধী কাম কাজত লিপ্ত হোৱাৰ অভিযোগ কৰি পত্ৰত উল্লেখ কৰে যে সাৰ কাৰখানাৰ অধীনৰ বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত দীৰ্ঘদিনে স্থায়ী অধ্যক্ষ আৰু স্থায়ী শিক্ষক নিযুক্তিত গুৰুত্ব আৰোপ নকৰা সাৰ কৰ্তৃপক্ষ নামৰূপত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত দায়বদ্ধ নহয় বুলি আখ্যা দিয়ে আছুৱে। উল্লেখযোগ্য যে- কিছুদিন পূৰ্বে এই সন্দৰ্ভত কৰ্তৃপক্ষলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল আছুৱে।
এই পত্ৰৰ প্ৰত্যুত্তৰত কৰ্তৃপক্ষৰ তৰফৰ পৰা প্ৰেৰণ কৰা পত্ৰত উদ্যোগটোৰ মন্দাৱস্থাৰ বাবে বিদ্যালয়খনত স্থায়ী অধ্যক্ষ নিযুক্তি দিব পৰা নাই বুলি উল্লেখ কৰাত সম্প্ৰতি জাঙুৰ খাই উঠিছে সংগঠনটো। দীৰ্ঘদিনে সাৰ কাৰখানাৰ প্ৰদূষিত বায়ু পানী সেৱন কৰি বসবাস কৰা তথা এই বৃহত্তৰ অঞ্চলটোৰ মানৱ সম্পদ সৃষ্টিৰ অনুষ্ঠান বিদ্যালয়খনিৰ প্ৰতি মাহী আই দৃষ্টি প্ৰদান কৰি এটা মাথোঁ স্থায়ী পদ নিযুক্তিৰ ক্ষেত্ৰত আৰ্থিক মন্দাৱস্থাৰ দোহাই দিয়াটো গ্ৰহণ যোগ্য নহয় আৰু এই
তৰল যুক্তিয়ে কৰ্তৃপক্ষই নামৰূপৰ সমাজ জীৱনৰ পৰিপন্থী হৈ কাম কৰিছে বুলি প্রতিপন্ন কৰিছে বুলি উল্লেখ কৰে।
সাৰ কাৰখানাৰ ৫০ বছৰীয়া ইতিহাসত নথকা তথা শেহতীয়া ভাবে সৃষ্টি কৰা মানৱ সম্পদ উপদেষ্টা পদটোক লৈ প্ৰশ্ন কৰে চৰম পত্ৰত। নতুন পদৰ সৃষ্টি কৰি অন্য এটা উদ্যোগৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী এজনক বুজন পৰিমাণৰ ধন দি বৰ্তমান বি ভি এফ চি এলৰ মানৱ সম্পদ উপদেষ্টা ৰূপে নিয়োজিত কৰা পি চি সিঙৰ নিযুক্তি আছুৱে ৰহস্যজনক বুলি অভিহিত কৰিছে। অৰ্থৰ অভাৱ স্বত্তেও সঞ্চালক পৰ্য্যায়ৰ বিষয়াৰ ব্যৱহাৰৰ বাবে বিলাসী আচবাব ক্রয় কৰিবলৈ, এখন জাকত জিলিকাকৈ উদ্যান নিৰ্মাণৰ বাবে , বিভিন্ন আগশাৰীৰ শিল্পীক আমন্ত্ৰণ কৰি বহু ডাঙৰ ডাঙৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ সাৰ কৰ্তৃপক্ষই ক’ত বুজন পৰিমাণৰ ধন পালে বুলিও প্ৰশ্ন কৰে আছুৱে।
উদ্যোগটোৱে যি সময়ত অপচয় বোধৰ আওতা লৈ ৰিটেইনাৰ আঁচনিৰ অধীনত কৰ্মৰত হৈ থকা অৱসৰ প্ৰাপ্ত কৰ্মচাৰীসকলক ক্ৰমাৎ চাকৰিৰ পৰা বিদায় দিছে তেনে সময়তে বহিঃৰাজ্যৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীক উপদেষ্টা হিচাপে নিযুক্তি দিছে। উল্লেখযোগ্য যে, কেৱল উদ্যোগটোৰ প্ৰশাসনিক গাফিলতি আৰু সোপা ঢিলা নীতিৰ বাবেই বিদ্যালয়খনে বৰ্তমানৰ দুৰৱস্থা পাইছে।
ঐতিহ্যমণ্ডিত এই বিদ্যালয়খনৰ গুৰুত্ব নুবুজি নামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ উক্ত বিদ্যালয়খন অৱশেষত ৰাজ্য চৰকাৰক প্ৰদান কৰিবলৈ যা যোগাৰ কৰাটো দুৰ্ভাগ্যজনক। আছুৱে প্ৰেৰণ কৰা ৬টা দাবী সন্নিবিষ্ট চৰম পত্ৰত মানৱ সম্পদ উপদেষ্টা পি চি সিঙৰ নিযুক্তি অযুক্তিকৰ আৰু অসমীয়া বিৰোধী বুলি উল্লেখ কৰি তাৎক্ষণিক ভাৱে এই পদ বন্ধ কৰি মানৱ সম্পদ উপদেষ্টা পি চি সিঙক শীঘ্ৰেই অৱসৰ দিয়াৰ দাবী তোলে।
উচ্চ পয্যায়ৰ বিষয়াক মানৱ সম্পদ বিভাগত নিয়োগ কৰা, লগতে বি ভি এফ চি এলত অসমৰ বাহিৰৰ কোনো অবসৰ প্ৰাপ্ত কৰ্মচাৰীক উদ্যোগটোত নিয়োগ নকৰিবলৈ দাবী তোলে। আনহাতে অভিজ্ঞতা সম্পন্ন শিক্ষকক বি ভি এফ চি এল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিযুক্তি প্ৰদান, উদ্যোগটোৱে সামাজিক দায়বদ্ধতাৰ ক্ষেত্ৰত পূৰ্বৰ দৰে প্ৰদান কৰা সা-সুবিধা সমূহ বাহাল ৰাখিবলৈ দাবী জনায়।
ইয়াৰ উপৰিও উদ্যোগটোৰ শীৰ্ষ বিষয়াৰ আবাস গৃহৰ আচবাব ক্ৰয়, বিষয়াৰ ভ্ৰমণৰ নামত ব্যয় কৰা লাখ লাখ টকাৰ হিচাবৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলে। উক্ত দাবী সমূহ অহা ৫ দিনৰ ভিতৰত পূৰণ নকৰিলে পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/texspUV
via IFTTT
Comments
Post a Comment