তিনিচুকীয়া কাণ্ডক ধিক্কাৰ দিও কওঁ- এই পৰিৱেশৰ বাবে দায়ী বিজেপিয়ে নহয়নে!

মৃদুল কুমাৰ সন্দিকৈ
দৃশ্য ১-
স্থানঃ তিনিচুকীয়া। এজন মানুহক কেইবাজনো মানুহে আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আত্মৰক্ষাৰ বাবে মানুহজনে কোনো সুবিধাই পোৱা নাই। পিছফালৰ পৰা টায়াৰেৰে আঘাত কৰিছে এজন যুৱকে। মানুহজন হামখুৰি খাি পৰি গৈছে। তাৰ পাছতো মানুহজনৰ বুকুত আহি পৰিছে শিল। কোনোবাই যদি ঠেলা মাৰিছে, আন কিছুৱে তেওঁক উদ্দেশ্যি গালি পাৰিছে। আদহীয়া এই ব্যক্তিজন পদপথত বাগৰি পৰাৰ পাছত দুজনমানে আহি তেওঁক দাঙি ধৰিছে। আৰক্ষীয়ে তেওঁক দুফালে ধৰি লৈ আহিছে। মানুহজনৰ ওপৰত সেই মুহূৰ্তত আক্ৰমণ চলিছিল। মানুহজনে সেই আক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ কিবা এটা কৰাৰ অৱকাশেই নাপালে।
৩০ জানুৱাৰী, ২০১৯, বুধবাৰৰ দৃশ্য আছিল এয়া। নাম লক্ষেশ্বৰ মৰাণ। তেওঁ সাধাৰণ মানুহ নহয়। বৰ্তমান ৰাজ্যৰ শাসনত থকা বিজেপিৰ তিনিচুকীয়াৰ সভাপতি। তেওঁৰেই এই অৱস্থা। মানুহজনক প্ৰহাৰ কৰা ভিডিঅ’টো ভাইৰেল হৈ পৰিল। মানুহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’ল। খং-আৱেগ যিয়েই নাথাকক, এনেকৈ কোনো এজন লোকক প্ৰহাৰ কৰাটো গণতন্ত্ৰৰ প্ৰমূল্যবোধৰ অংশ হ’ব নোৱাৰে।
এই কাৰ্য ধিক্কাৰযোগ্য। কোনো দলৰ প্ৰতি তেওঁ অনুবদ্য আছে। সেই বাবেই তেওঁ দলৰ আদৰ্শ মানে। তিনিচুকীয়াত আয়োজিত আৰ এছ এছত সভাত তেওঁ অংশ ল’বলৈ গৈছিল। সেই সভাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আছু-অগপকে ধৰি স্থানীয় খিলঞ্জীয়া লোকৰ কেইবাটাও জাতীয় সংগঠনৰ সমৰ্থক ওলাই আহিছিল। ক’লা পতাকা প্ৰদৰ্শনেৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই প্ৰতিবাদৰ নামত এই বৰ্বৰ আক্ৰমণক কোনো বিবেকবান লোকে সমৰ্থন কৰিব নোৱাৰে।
দৃশ্য ২-
স্থানঃ নলবাৰী। ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল আছু সমৰ্থকে। সেই সময়তে সভাস্থলীৰ পৰা ওলাই আহিল শ শ লোক। প্ৰতিবাদকাৰীৰ সকলৰ ওপৰত জঁপিয়াই পৰিল। আনকি ২৭ জানুৱাৰী, ২০১৯ৰ দিনা প্ৰতিবাদকাৰীৰ সৈতে সমুখসমৰত নামি নলবাৰীৰ ঘগ্ৰাপাৰাত এজন যুৱকে ভৰিৰে সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ পতাকা ভৰিৰে মোহাৰিলে। শাসকীয় দলৰ একাংশ সমৰ্থক তথা আৰ এছ এছৰ বিৰুদ্ধে এই অভিযোগ উঠিল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই তেওঁলোকৰ সমৰ্থকৰ ওপৰত চলোৱা এই আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰীক নিশ্চিতভাৱে এই ঘটনাৰ কাৰণে ক্ষমা বিচাৰিবলৈ আছু নেতৃত্বই দাবী জনালে। কিন্তু এই ঘটনাক কোনো গুৰুত্বই নিদিলে বিজেপি তথা আৰ এছ এছ উৰ্ধতম কৰ্তৃপক্ষই।
দৃশ্য ৩-
স্থানঃ বিহালী। মুখ্যমন্ত্ৰীৰ বিহালীৰ সভাস্থলীলৈ এটি ডেৰ বছৰীয়া সন্তানক ক’লা জেকেট খুলিহে সেই সভাৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিলে সন্তান আৰু মাতৃক। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ প্ৰতি চিন্তিত তথা ক’লা কাপোৰেৰে যাতে কোনোৱে সন্মান হানি কৰিব নোৱাৰে তাৰ বাবেই গ্ৰহণ কৰা হৈছিল এই ব্যৱস্থা। কিন্তু এনে অমানবিয় কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিল। বিধানসভাৰ মজিয়াও পালেগৈ এই প্ৰতিবাদ। বিৰোধী কংগ্ৰেছৰ বিধায়কে ইয়াৰ বিৰুদ্ধে সদন স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰিলে। শাসকীয় দলে সেই প্ৰস্তাৱ অগাহ্য কৰিলে।
বিহালীৰ কাণ্ডক লৈ সদনত সংসদীয় পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ভাষণ দি ক’লে- গৰম পৰাৰ বাবেই শিশুটিৰ ক’লা কাপোৰ খুলি দিছিল মাতৃয়ে। ৰাস্তাৰ মাজত শিশুটিক লৈ এইদৰে গৰমৰ বাবে ক’লা কাপোৰ মাতৃয়ে খুলি দিয়া কথাটো সঁচা নে, এই মহিলাগৰাকীয়ে সংবাদমাধ্যমক প্ৰথমে কোৱা কথাবোৰ সঁচা তাক লৈ চৰ্চা চলিছে। প্ৰথমটো ভিডিঅ’ত মহিলাগৰাকীয়ে আৰক্ষীয়ে শিশুটিৰ পোছাক খুলিবলৈ দিয়া বুলি, দ্বিতীয়টোত গৰমৰ শিশুটিৰ পোছাক খোলা বুলি আৰু তৃতীয়টোত প্ৰলোভন তথা ভয় দেখুৱাই এই ভিডিঅ’ সংগ্ৰহ কৰা হৈছে বুলি মহিলাগৰাকীয়ে দাবী কৰিলে।
তিনিটা দিনত ঘটা এই ৩টা কাণ্ডই নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে আমাৰ মাজত কেনে অনাস্থা আৰু কেনে সংঘাতময় পৰিৱেশ বিৰাজ কৰি উঠিছে তাৰ প্ৰমাণ পোৱা যায়। প্ৰত্যেকটো ঘটনাই দুৰ্ভাগ্যজনক। এনে হ’ব নালাগিছিল, কিন্তু হৈছে। কাৰ বাবে হৈছে এইবোৰ? ইয়াৰ উত্তৰ এটাই হ’ব- চৰকাৰৰ নীতিৰ বাবেই আজি সংঘাতময় পৰিৱেশে গা কৰি উঠিছে। পৰস্পৰৰ বিৰুদ্ধে আস্থাহীনতা বৃদ্ধি পাইছে।
তিনিচুকীয়াত এই ঘটনা ঘটিব নালাগিছিল। এজন শাসকীয় দলৰ সভাপতিক প্ৰহাৰ কৰাৰ অধিকাৰ কোনো প্ৰতিবাদকাৰী তথা দল-সংগঠনৰ নাই। কিন্তু এই প্ৰেক্ষাপট ৰচনা কৰিলে কোনে? এজন তথাকথিত মন্ত্ৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মতা সকলৰ বিপক্ষে থিয় দিবৰ বাবে ঘৰৰ পৰা বাহিৰ আহিবলৈ বিজেপি তথা আৰ এছ এছৰ নেতা-কৰ্মীক আহ্বান দিছিল। নলবাৰীত আছুৰ কৰ্মীৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলোৱাৰ পাছতো বিজেপি নেতৃত্ব তথা মুখ্যমন্ত্ৰী নিমাতে থাকিল।
ভুল সদায় ভুলেই। ভুল-শুদ্ধৰ বিচাৰ কৰোতা জনক লৈ বিচাৰ কৰা নহয়। নলবাৰীত আছুৰ পতাকা ভৰিৰে মোহাৰি আছুৰ কৰ্মীক সহস্ৰাধিক বিজেপি সমৰ্থকে আহি প্ৰহাৰ কৰা কাৰ্য যেনেকৈ নৃন্দনীয়, তেনেকৈ তিনিচুকীয়াত বিজেপি নেতাক আক্ৰমণ কৰা কাৰ্যও সমানেই নৃন্দনীয়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হৈছে। জাতিধ্বংসী এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা সকলক এচামে ইতিকিং কৰি জাতীয় আৱেগক লৈ ধেমালি কৰিছে।
তেনে অতি সাম্প্ৰদায়িক মন্তব্যক বিধানসভাৰ মজিয়াতো চলাও বুলি খোদ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অভিযোগ কৰিছে। আমি ৩৫ শতাংশ কথা শুনিম নে ৬৫ শতাংশ কথা শুনিম বুলি যদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত কৈছে, ঠিক একেদৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে জনাইছিল- আছু-অগপৰ কথা আমি শুনিম, কিন্তু আমছুৰ কথা নুশুনো।
দৃশ্য ৪-
জাতীয় সাজ-পোছাক পৰিধান কৰা কেইজন মান লোক। শ্বহীদ ভৱনৰ পৰা তেওঁলোক কামৰূপ মহানগৰ উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ চৰকাৰে অসম আন্দোলনত শ্বহীদ হোৱা তেওঁলোকৰ আত্মীয়ক দিয়া ফলক ঘূৰাই দিছে। এই সকল লোকৰ কথা হ’ল- শ্বহীদৰ ত্যাগৰ মূল্য এই চৰকাৰে দিব পৰা নাই। বিদেশী খেদাম বুলি আন্দোলন কৰি প্ৰতিবাদ সাব্যস্ত কৰা এসময়ৰ ছাত্ৰ নেতাই মুখ্যমন্ত্ৰী হৈ হিন্দু বাংলাদেশী অনাৰ দিল্লীয়ে তৰা জালত ভৰি থলে। তাৰ পাছত তেওঁলোকে কেনেকৈ ঘৰত ৰখাব এই ফলক। সেয়েহে চৰকাৰে দিয়া সন্মান ওভতাই দি জাতিৰ স্বাৰ্থৰ বিৰুদ্ধে থিয় দিয়া লোক সকলৰ সন্মুখত শ্বহীদৰ পৰিয়ালে প্ৰতিবাদ সাব্যস্ত কৰিছে।
দৃশ্য ৫-
৩০/১০ৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ ৰায়দান প্ৰায় ১০ বছৰৰ পাছত ৩০/০১/২০১৯ত ইয়াৰ ৰায়দান হ’ল। নৰসংহাৰ চলোৱা এই হত্যাকাণ্ডৰে মুঠ ২২জনক দোষী সাব্যস্ত কৰিছে আদালতে। ইয়াৰে চাৰিজন পলাতক আৰু ৩জনৰ মৃত্যু হৈছে। বাকী থকা ১৫জনক এই হত্যালীলাৰ বাবে দোষী সাব্যস্ত কৰিছিল চিবিআইৰ বিশেষ আদলতে। ২৮ জানুৱাৰী, ২০১৯ত দোষী সাব্যস্ত কৰা সকলৰ ভিতৰত এন ডি এফ বি নেতা ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, অক্ষয় বসুমতাৰী, ৰাহুল ব্ৰহ্ম, ৰাজেন গয়াৰী, আন্সাই বড়ো, লখৰা বসুমতাৰী, ইনা ব্ৰহ্ম, বৈসাগী বসুমতাৰী, ৰাজু চৰকাৰক চিবিআই বিশেষ আদলতে যাৱজ্জীৱন কাৰাদণ্ড বিহীলে। ইয়াৰে জয়ন্তী বড়ো, প্ৰভাত বড়ো আৰু মণিৰাম বড়োক আদলতে জৰিমনা বিহী এৰি দিলে। নীলিম দৈমাৰী দুটা গোচৰত ২০০ টকা জৰিমনাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হ’ল।
বেনেফিট অৱ ডাউটত দোষমুক্ত ঘোষণা কৰা হ’ল মৃদুল দৈমাৰীক। সাম্প্ৰতিক সময়ত এই ঘটনাও অত্যন্ত গুৰুত্বপূৰ্ণভাৱে বিবেচিত হৈছে। সকলোৱে বিচাৰিছিল ৩০/১০ হত্যাকাণ্ডত বলি হোৱা সকলৰ শাস্তি হওঁক। কিন্তু এনে সময়ত এই ৰায়দান আহিল যে, এফালে এন ডি এফ বিৰ সৈতে শান্তি প্ৰক্ৰিয়া, আনফালে ৰাজ্যৰ জলন্ত পৰিৱেশ। এই পৰিৱেশ-পৰিস্থিতিৰ সুযোগ লৈ কোনোৱে কুটাঘাত সংঘটিত কৰাৰ সম্ভাৱনা আছে। সন্মুুখত লোকসভা নিৰ্বাচন। তেনে এক সময়ত এই সকলোবোৰ ঘটনাৰ সুযোগ লৈ কোনো পক্ষই দুষ্কাৰ্য সংঘটিত কৰিব পাৰে বুলি সাধাৰণ লোকেও অনুমান কৰিব পাৰে।
আমাৰ মুল উদ্দেশ্য আছিল- বাতিল হ’ব লাগে নাগৰিকত্ব সংশোধনী বিধেয়ক। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। কিন্তু চৰকাৰে সেই কথা শুনা নাই। ৰাইজৰ প্ৰতিবাদী কণ্ঠৰ বিপৰীতে সভাই-সমিতিয়ে এই চৰকাৰৰ মন্ত্ৰীয়ে দিয়া ভাষণৰ ৰূপ এয়া- ‘পানীপথৰ শেষ যুদ্ধ কৰিবলৈ মই সাজু। তাৰ কাৰণে যদি জীৱনো বলিদান দিব লাগে, সেই জীৱন বলিদানৰ বাবে মই সাজু। এয়া আমাৰ জাতীয় পানীপথৰ শেষ যুদ্ধ। লাজ নোহোৱাকৈ, মান নোহোৱাকৈ ক’ব লাগিব- মই হিন্দু, মই ভাৰতীয়… কি আচৰিত দৃশ্য। মোক দিল্লীৰ পৰা ফোন কৰে যে- হিমন্ত বহু আন্দোলন হো ৰহা হে…। হ’মতো আছাম মে হে, পতা নহী কোনছা আছাম মে হো ৰহা হে, হ’মতো আছামমেহি হে। হ’মতো আন্দোলন দিখাই নহী দে ৰহা…।’
সৰুসজাইত বিজেপি পঞ্চায়ত প্ৰতিনিধি অভিনন্দন সমাৰোহত ২৪ জানুৱাৰী, ২০১৯ত মন্ত্ৰী হিমন্ত বিশ্বই দিয়া ভাষণ আছিল এয়া। ঠাট্টা, ইতিকিং, প্ৰৰোচিত মন্তব্যৰে ৰাইজৰ এই প্ৰতিবাদক ভৰিৰে মোহাৰিব খুজিছে তেওঁলোকে। ইচ্ছা কৰিয়েই যেন সংঘাতময় পৰিৱেশ ৰচনা কৰিবলৈ শাসক পক্ষই উদ্যোগ লৈছে। জাতি-জনগোষ্ঠীৰ মাজত ভেদা-ভেদ সৃষ্টি কৰাৰ লক্ষ্যৰে এই কুচকাৱাছ চলাইছে এচামে।
নলবাৰীত আছুৰ সদস্যৰ ওপৰত আক্ৰমণ, ৰঙিয়াত ক’লা পতাকা প্ৰদৰ্শন কৰা যুৱকক চাই ল’ম বুলি খোদ মন্ত্ৰী হিমন্ত বিশ্বই দিয়া হুংকাৰ, ক’লা পতাকা আৰু প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱা প্ৰতিবাদকাৰীক থানাৰ ভিতৰত বিজেপি-আৰ এছ এছ কৰ্মীয়ে চিনেমাৰ ষ্টাইলত গৈ প্ৰহাৰ কৰা খবৰে ৰাইজৰ গা জ্বলাইছে।
এক গণ আন্দোলনৰ পথেৰে এই নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন তীব্ৰতৰ হৈ পৰাত চৰকাৰো শংকিত নোহোৱা নহয়। ভিতৰি একো ক’ব নোৱাৰিলেও, জনসাধাৰণৰ স্বতঃস্ফূৰ্ত আন্দোলন বিৰোধী স্থিতিয়ে চৰকাৰক বাৰুকৈ চিন্তিত কৰিছে। যি প্ৰেক্ষাপটত নলবাৰী কাণ্ড সংঘটিত হৈছিল, তাৰ একেই প্ৰেক্ষাপটত তিনিচুকীয়া কাণ্ড সংঘটিত হ’ল।
এই সকলোবোৰ দেখিও কেৱল তিনিচুকীয়া কাণ্ডক লৈ ব্যস্ত শাসকীয় বিজেপি ৰাজ্যিক সভাপতিগৰাকী। তেওঁ তিনিচুকীয়াত দলটোৰ জিলা পৰ্যায়ৰ এজন নেতাক আক্ৰমণ কৰাত ক্ষোভিত হৈ কৈছে- বিজেপিৰ লাখ লাখ কৰ্মকৰ্তা ওলাই আহিলে এইবোৰ দল-সংগঠনবোৰে ৰক্ষা নাপাব। তিনিচুকীয়া কাণ্ডৰ পাছত ৰাজ্যিক বিজেপি সভাপতিগৰাকীয়ে হুংকাৰো দিলে- অসমত তেওঁলোকৰ ২৯ লাখ কৰ্মকৰ্তা আছে। সেই ২৯ লাখ কৰ্মকৰ্তা ওলাই আহিব। চিধা কথাত অসমৰ ভেটি-মাটি সুৰক্ষা কৰাৰ স্বাৰ্থত মাত মতা অসমীয়া লোকসকলক ২৯ লাখ সমৰ্থকক লৈ হুংকাৰ দিব পৰা হ’ল বিজেপি ৰাজ্যিক সভাপতিগৰাকী।
সেই একেদৰেই যদি ৰাজ্যত থকা মুছলমান লোক সকলক একত্ৰিত কৰি কোনোৱে এনে হুংকাৰ দিয়ে, তেন্তে পৰিৱেশ-পৰিস্থিতি কি হ’ব সেয়া ভাবি চাবলগীয়া। আজি আমাৰ বাবে গুৰুত্বপূৰ্ণ কথা নাগৰিকত্ব সংশোধনী বিধেয়ক। এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিৰোধ-সংগ্ৰাম চলিছে। তাৰ মাজতেই এই বিশ্বাসহীনতাই সমগ্ৰ আন্দোলন প্ৰক্ৰিয়াটোকে স্থবিৰ কৰি পেলাব। চৰকাৰ আৰু শাসকীয় দলৰ দল-সংগঠনসমূহৰ প্ৰদৰ্শন ধৰ্মিতাই খিলঞ্জীয়া জাতি-জনগোষ্ঠীয় লোক সকলক ক্ষোভিত কৰিলে সেই পৰিণাম ভয়াৱহ হ’ব। সেয়েহে এনেবোৰ দিশত সংযমতা ৰক্ষাৰ বাবে চৰকাৰে চকু দিব লাগিব। অন্যথা নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত হোৱা ভাতৃঘাটী সংঘৰ্ষই অসমৰ খিলঞ্জীয়া লোকৰ স্বাৰ্থ চিৰদিনৰ বাবে কাঢ়ি নিব।
অনীতিগত আৰু আইন হাতত তুলি লোৱা প্ৰত্যেকটো ঘটনাই বেয়া। ভুল কৰাৰ বাবে কোনো জাতীয় দল-সংগঠনক ২৯ লাখ সমৰ্থকেৰে হুংকাৰ দিয়া লোক সকলে প্ৰথমতে সংঘটিত কোনো জাতীয় সংগঠনৰ নেতা কৰ্মীক আক্ৰমণ কৰা তেওঁলোক যুৱ শক্তিকো নিয়ন্ত্ৰিত কৰিব পাৰিব লাগিব। অন্যথা আমাৰ মাজতেই এইবোৰ সংঘাত চলি থাকোতে কেতিয়া চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা আহি বাংলাদেশীয়ে অসমত থিতাপি ল’লেহি সেই বিষয়ক লৈ দৃষ্টি দিবলৈ কাৰোৰে আজৰি নাথাকিব।
The post তিনিচুকীয়া কাণ্ডক ধিক্কাৰ দিও কওঁ- এই পৰিৱেশৰ বাবে দায়ী বিজেপিয়ে নহয়নে! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GbI6XQ
via IFTTT
Comments
Post a Comment