গুৰুজনাৰ আশীৰ্বাদ বিচাৰি ২০০ বছৰীয়া ধৰ্মপুৰ সত্ৰত মুখ্যমন্ত্ৰী

ডিজিটেল সংবাদ, বঙাইগাওঁঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ আছে। তাৰ সমান্তৰালকৈ বিধেয়ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভূমিকাক লৈও ৰাইজৰ তীক্ষ্ন ক্ষোভৰ সন্মুখীন হৈছে সৰ্বানন্দ সোণোৱাল।
ৰাজ্যৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীগৰাকীক ক’লা পতাকা প্ৰদৰ্শেনেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মাজতেই বৃহস্পতিবাৰে গুৰুজনাৰ আশীৰ্বাদ বিচাৰি অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত ২০০ বছৰীয়া ধৰ্মপুৰ সত্ৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
সত্ৰখনত উপস্থিত হৈ মুখ্যমন্ত্ৰী সোণোৱালে চৰকাৰী অনুদানেৰে নতুনকৈ নিৰ্মিত সত্ৰখনৰ শলাগ লয়৷ গুৰুজনাৰ শ্ৰীচৰণত সেৱা লয় মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য অভয়াপুৰী সাৰ্বজনীন পালনাম মহোৎসৱৰ সোণালী জয়ন্তী উৎসৱত অংশ লোৱাৰ পিছতে ধৰ্মপুৰ সত্ৰত আশীষ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
The post গুৰুজনাৰ আশীৰ্বাদ বিচাৰি ২০০ বছৰীয়া ধৰ্মপুৰ সত্ৰত মুখ্যমন্ত্ৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RqnLQF
via IFTTT
Comments
Post a Comment