মুখ্যমন্ত্ৰীৰ গৃহ গাঁৱৰ সমীপতে মহিলাই জ্বলাই দিলে বিজেপিৰ পতাকা

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশ অব্যাহত আছে। তিনিচুকীয়াত বিজেপিৰ জিলা সভাপতি গৰাকীক প্ৰহাৰ কৰাৰ পাছত মুখ্যমন্ত্ৰীৰ চাবুৱাৰ গৃহ গাঁৱৰ সমীপৰ বগডুম ভাৰলোৱা গাঁৱৰ একাংশ মহিলাই মুকলিকৈ বিজেপিৰ পতাকা দাহ কৰে।

বিজেপি মুৰ্দাবাদ, মুখ্যমন্ত্ৰী গ’ বেক, নাগৰিকত্ব সংশোধনী বিধেয়ক আমাক নালাগে বুলি শ্ল’গান দি গাঁওখনৰ মহিলাসকলে টায়াৰ জ্বলাই পথ অৱৰোধ কৰাৰ সময়তে বিজেপিৰ পতাকা দাহৰ কাৰ্যসূচীও গ্ৰহণ কৰে। কোনো দল-সংগঠনৰ বেনাৰত নহয়, স্বতঃস্ফূৰ্তভাৱে মহিলাসকলে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলে। খোদ মুখ্যমন্ত্ৰীৰ গৃহ গাঁৱৰ সমীপতে মহিলাসকলে এইদৰে বিজেপিৰ পতাকা দাহৰ কাৰ্যসূচী গ্ৰহণ কৰা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে।
The post মুখ্যমন্ত্ৰীৰ গৃহ গাঁৱৰ সমীপতে মহিলাই জ্বলাই দিলে বিজেপিৰ পতাকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2G9JzxP
via IFTTT
Comments
Post a Comment