নগাঁৱৰ হাৰিয়া নৈত ওপঙি থকাৰ অৱস্থাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও বৰক’লাৰ হাৰিয়া নৈৰ দলঙৰ তলত ওপঙি থকাৰ অৱস্থাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, বৃহস্পতিবাৰৰ দুপৰীয়া হাৰিয়া নৈ দলঙৰ তলত ওপঙি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ স্থানীয়লোকে প্ৰত্যক্ষ কৰে। পিছত স্থানীয় ৰাইজৰ খৱৰৰ ভিত্তিত বেবেজীয়া থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। মৃতদেহটোৰ হাত বন্ধাৰ লগতে আঘাটৰ চিন স্পষ্ট হোৱাক লৈ কোনো লোকে হত্যা কৰি নদীত পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

The post নগাঁৱৰ হাৰিয়া নৈত ওপঙি থকাৰ অৱস্থাত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sWDj4y
via IFTTT

Comments