দেশতকৈ চাকৰি ডাঙৰ নহয়ঃ তেজপুৰত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, তেজপুৰঃ দেশতকৈ চাকৰি ডাঙৰ নহয় বুলি বুধবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বানত তেজপুৰত ৰাজপথলৈ ওলাই আহে অসম চৰকাৰৰ সহশ্ৰাধিক কৰ্মচাৰী ।

উল্লেখ্য যে সদৌ অসম কৰ্মচাৰী পৰিষদে ১১ বজাৰ পৰা ২ বজালৈ আহ্বান জনোৱা অৱস্থান ধৰ্মঘটৰ বৃহৎ কাৰ্য্যসুচীত তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ ,সাহিত্যিক,সাংবাদিক সকলেও অংশ গ্ৰহন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তেজপুৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে । তেজপুৰ আদালত চাৰিআলিত ৰূপায়ন হোৱা এই কাৰ্য্যসুচীত অংশ গ্ৰহন কৰি প্ৰতিজন ব্যক্তিয়ে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰে
The post দেশতকৈ চাকৰি ডাঙৰ নহয়ঃ তেজপুৰত কৰ্মচাৰী পৰিষদৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2G8MneK
via IFTTT
Comments
Post a Comment