জি এল আগৰৱালাৰ মৃত্যুত শালবাৰীত সাংবাদিকৰ শোক প্ৰকাশ

ডিজিটেস সংবাদ, শালবাৰীঃ জি এল পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি এল আগৰৱালাৰ বৃহস্পতিবাৰে আবেলি ৭৯ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ বিভিন্ন কাকত-আলোচনীৰ লগত জড়িত হৈ সংবাদ জগতৰ উত্তৰণ ঘটোৱা আগৰৱালাৰ মৃত্যুত ৰাজ্যৰ ভিন্ন প্ৰান্তত শোকৰ ছাঁ পৰিছে৷

তেওঁৰ মৃত্যুত বাক্সাৰ শালবাৰী মহকুমা সাংবাদিক সন্থা আৰু আনন্দ বজাৰ প্ৰেছ ক্লাৱেও গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।

The post জি এল আগৰৱালাৰ মৃত্যুত শালবাৰীত সাংবাদিকৰ শোক প্ৰকাশ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Tn0Asc
via IFTTT

Comments