ভলুকাবাড়ীত অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায়ী সম্বৰ্ধনা

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ভলুকাবাড়ী এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষকগৰাকীক বুধবাৰে বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে বিদায়ী সম্বৰ্ধনা জনোৱা হয়৷ জানিব পৰামতে ভলুকাবাড়ী এম ই মাদ্ৰাছাৰ উদ্যোগত ভলুকাবাড়ীৰ কে ডি এম একাডেমী, ভলুকাবাড়ী কল্পতৰু পুথিভঁড়ালৰ সহযোগত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক নুৰ মহম্মদ আলীক সম্বৰ্ধনা জনোৱা হয়৷
ভলুকাবাড়ী এম ই মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি দিদাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিদায়ী সম্বৰ্ধনা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ভলুকাবাড়ীৰ কে ডি এম একাডেমীৰ পৰিচালন সঞ্চালক আমজেদ আলী আহমেদ৷ সভাত কালাতলী কাঠমী আঞ্চলিক ছিনিয়ৰ ছেকেণ্ডাৰীৰ সহকাৰী অধ্যাপক নুৰ ইছলাম, হাতীশলা ভলুকাবাড়ী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য মোৱাৰক হুছেইন, ঘোঁৰামাৰা হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আফাজ উদ্দিন খান, ভলুকাবাড়ী কল্পতৰু পুথিভঁড়ালৰ সভাপতি-সম্পাদক প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে৷
বিদায়ী অৱসৰপ্ৰাপ্ত শিক্ষক নুৰ মহম্মদ আলীক ফুলাম গামোচা, মানপত্ৰ, শৰাই, লাঠি, ছাটি, কিতাপ আদি বিভিন্ন উপহাৰেৰে সন্মান যঁচা হয়৷
The post ভলুকাবাড়ীত অৱসৰপ্ৰাপ্ত শিক্ষকক বিদায়ী সম্বৰ্ধনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2FYMutT
via IFTTT
Comments
Post a Comment