কোটি কোটি গ্ৰাহকক বিপদত পেলাইছে ষ্টেট বেংক অফ ইণ্ডিয়াই
ডিজিটেল সংবাদঃ কিমান নিৰাপদ দেশৰ সবাতো কৈ বৃহৎ বেংক ষ্টেট বেংক অব ইণ্ডিয়া (এছবিআই)ত থকা গ্ৰহকৰ বেংক একাউণ্ট থকা কোটি কোটি গ্ৰাহকৰ প্ৰতি আহি মনলৈ আহিছে এই প্ৰশ্ন।Techcrunch নামৰ এক প্ৰতিষ্ঠানে প্ৰকাশ কৰা প্ৰতিবেদন মতে এছবিআয়ে তেওঁলোকৰ মুম্বাইৰ চাৰ্ভাৰ অত্যন্ত স্পৰ্শকাতাৰ তথ্য মজুত থকা এটা গুৰুত্বপূৰ্ণ চাৰ্ভাৰ পাঁচৱাৰ্ডেৰে সুৰক্ষিত কৰি ৰাখিবলৈ পাহৰি থকাত কোটি কোটি বেংক একাউন্টৰ বেংক বলেন্স বেংক একাউন্ট নম্বৰ আদি তথ্য ফাদিল হোৱাৰ আকাংক্ষা কৰা হৈছে।
ইণ্ডিয়া টুডেত প্ৰকাশিত এক বাতৰি মতে Techcrunch য়ে এছবিআইৰ সৈতে যোগাযোগ কৰাত উক্ত ক্ৰটিটো ঠিক কৰা হয় যদিও কিমান সময়লৈকে চাৰ্ভাৰ টো অসুৰক্ষিত হৈ আছিল সেয়া জানিব পৰা হোৱা নাই। আনহাতে এছবিআইৰ কৰ্তৃপক্ষই এতিয়ালৈকে এই ক্ষেত্ৰত কোনো মন্তব্য প্ৰকাশ কৰা নাই। প্ৰতিবেদনটোত প্ৰকাশ পোৱা মতে অসুৰক্ষিত চাৰ্ভাৰটো SBI Quickৰ অন্তৰ্গত। SBI Quick ৰ দ্বাৰা বেংকটোৰ যিকোনো গ্ৰাহকে মেছেজ বা ফোন কলৰ জৰিয়তে বিভিন্ন বেংক সেৱাৰ সুবিধা লাভ কৰিব পাৰে।
SBIৰ ৱেবচাইটত SBI Quickৰ জৰিয়তে গ্ৰাহকে পাব পৰা সুবিধাৰ বিষয়ে উল্লেখ কৰা আছে। প্ৰতিবেদনটোত উল্লেখ কৰা মতে Techcrunch- ৰ প্ৰতিষ্ঠা নটোয়ে প্ৰাপ্ত সময়ত গ্ৰহকসকললৈ তেওঁলোকৰ ফোন নম্বৰ, বেংক বেলেন্স আৰু শেহতীয়াকৈ লেন-দেনৰ তথ্য সম্পৰ্কীয় মেছেজ গৈ থকা ধৰা পেলায়। মাত্ৰ সোমবাৰৰ দিনটোতে বেংকে এনে মেছেজ ৩০ লাখ মেছেজ বন্ধ কৰিছে। দেশৰ অন্যতম বৃহৎ বেংকটোত ঘটা এই ভয়ংকৰ গাফিলতিৰ বাবে নিশ্চয়কৈ বেংকটোৰ কোটি কোটি গ্ৰাহকক চিন্তা পেলাইছে।
The post কোটি কোটি গ্ৰাহকক বিপদত পেলাইছে ষ্টেট বেংক অফ ইণ্ডিয়াই appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2HGdEYj
via IFTTT

Comments
Post a Comment