‘আমি মুখ্যমন্ত্ৰীক ক’লা পতাকা নেদেখুৱাও, ক’লা মুখ দেখুৱামঃ পৰমানন্দ ৰাজবংশী

ডিজিটেল সংবাদ, ৰহাঃ অসমীয়া জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী, ভাষা-সংস্কৃতিৰ ৰহঘৰা অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনখনি ব্যাপক উছাহেৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয় মধ্য অসমৰ ৰহাত। ইয়াকে লৈ উদুলি-মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে নগাঁৱৰ ৰহাত। ৰহাৰ বাটমাৰি পথাৰৰ জোঙাল বলহু সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে অসম সাহিত্য সভাৰ দশম বিশেষ বাৰ্ষিক অধিবেশনখনি।
আৰম্ভণিৰ দিনা সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান আঁহতগুৰিৰ কপিলী নদীৰ পাৰত স্থাপিত সাহিত্যৰথীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনে আৰম্ভ হয় সাহিত্য সভাৰ এই দশম বিশেষ বাৰ্ষিক ৰহা অধিবেশনৰ প্ৰথম কাৰ্যসূচী। ৰসৰাজৰ প্ৰতিমূৰ্তিত প্ৰথমে বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে। ইয়াৰ পিচতে উপ সভাপতিসকল, আদৰণী সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সাহিত্যানুৰাগীয়ে বেজবৰুৱাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰে।
ইয়াৰ পিচতে দিনৰ ১২ বজাত অনুষ্ঠিত হয় মে-ডাম-মে-ফী। মুখ্য অতিথি ৰূপে উপস্থিত থাকে উপ-সভাপতি ড০ হেমন্ত কুমাৰ বৰুৱা আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে ড০ পুষ্প গগৈয়ে। অধিবেশনস্থলীত নামঘৰ উদ্বোধন কৰে সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। মুখ্যদ্বাৰ উন্মোচন কৰে প্ৰবাসী অসমীয়া ডা০ কৰুণা সাগৰ দাসে। লগতে কৃষ্ণৰায় মেধি সোঁৱৰণি কেন্দ্ৰীয় সভাৰ অস্থায়ী কাৰ্যালয় উদ্বোধন কৰে নগাঁও জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই। গ্ৰন্থমেলা দ্বাৰ উদ্বোধন কৰে বিশিষ্ট গ্ৰন্থ প্ৰকাশক গিৰিপদ দেৱচৌধুৰীয়ে, বাণিজ্য মেলা উদ্বোধন কৰে বিশিষ্ট শিক্ষাবিদ চাও লোকেশ্বৰ গগৈয়ে, প্ৰদৰ্শনী দ্বাৰ উদ্বোধন কৰে ৰহা নগৰ সমিতিৰ সভাপতি ধ্ৰুব দাসে, মূল মণ্ডপ উদ্বোধন কৰে আদৰণী সমিতিৰ সভাপতি ডিম্বেশ্বৰ দাসে আৰু মূল মঞ্চ উদ্বোধন কৰে বিধায়ক ৰূপক শৰ্মাই।
শুকুৰবাৰে পতাকা উত্তোলনেৰে অধিবেশনৰ মূল কাৰ্যসূচী পাতনি মেলা হ’ব। ইতিমধ্যে বিভিন্ন জিলাৰ পৰা প্ৰতিনিধিসকল আহি অধিবেশনস্থলীত উপস্থিত হৈছেহি। এই অধিবেশনতে অসমৰ জলন্ত সমস্যাসমূহ সমাধানৰ বাবে সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিব দিছে সভাপতি আৰু প্ৰধান সম্পাদকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি সভাপতি পৰমানন্দ ৰাজবংশীয়ে জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো লোককে অধিবেশনখনিত সহযোগ কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে, বৰ্তমান জাতীয় সংকটৰ গতানুগতিকতাৰ পৰা ঊৰ্ধ্বত নি বৃহত্তৰ অসমীয়া খিলঞ্জীয়া মাতৃভাষাৰ শত্ৰু সমূহৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ গঢ়িবলৈ অসম সাহিত্য সভাই চেষ্টা চলাইছে।
তদুপৰি ৰাজনৈতিক প্ৰৰোচনাই যাতে সমাজ বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে নৱ প্ৰজন্ম সচেতন হ’বলৈ আহ্বান জনায়। আনপিনে মুখ্যমন্ত্ৰীক সভালৈ আমন্ত্ৰণ জনোৱাৰ সম্পৰ্কত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিৰোধিতা কৰাৰ সম্পৰ্কত সভাপতি পৰমানন্দ ৰাজবংশীয়ে কয়- ‘এই মহা মেলাত কাকো ক’লা পতাকা নেদেখাওঁ, ক’লা মুখ দেখুৱাম’।
ইয়াৰ লগতে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ চতুৰ্থ পূৰ্ণাংগ অধিবেশন। ইয়াৰ পিছতে কুকিল কন্ঠী গায়িকা দীপালী বৰঠাকুৰৰ সোঁৱৰণিত ‘চেনাই মই যাওঁ দেই’ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত বহুকেইজন বিশিষ্ঠ শিল্পীৰ লগতে স্থানীয় বহু শিল্পীয়ে সংগীত পৰিবেশন কৰে।
The post ‘আমি মুখ্যমন্ত্ৰীক ক’লা পতাকা নেদেখুৱাও, ক’লা মুখ দেখুৱামঃ পৰমানন্দ ৰাজবংশী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Rs1S3q
via IFTTT
Comments
Post a Comment