মৰঙিৰ দৈগ্ৰোঙত বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ

ডিজিটেল সংবাদ, মৰঙিঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , কৃষক মুক্তি সংগ্ৰাম সমিতি , সদৌ টাই আহোম ছাত্ৰ সন্থাৰ মৰঙি আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন দল সংগঠন তথা মৰঙিৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো গাওঁৰ ৰাইজৰ সহযোগত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদী সমদল আৰু পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বাধা নেওঁচি সকলো ৰাইজ ওলাই আহিল ৰাজপথলৈ। প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীয়ে স্পষ্টভাৱে কয় যে জাতিধ্বংসী আইন বাতিল নকৰা পৰ্য্যন্ত আন্দোলন অব্যাহত থাকিব। অসমীয়াৰ সংগ্ৰাম আৰু জাতিদ্ৰোহী বিজেপি চৰকাৰখনে যদি এই আইন গৃহীত কৰে তেন্তে যুদ্ধলৈ প্ৰতিজন অসমীয়াই প্ৰস্তুত বুলি স্পষ্ট কৰি দিয়ে গাঁৱৰ ৰাইজে।
The post মৰঙিৰ দৈগ্ৰোঙত বিধেয়ক বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MGOis5
via IFTTT
Comments
Post a Comment