জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত চৰকাৰী কৰ্মচাৰী

ডিজিটেল সংবাদ, শিৱসাগৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আজি সমগ্ৰ অসমত সদৌ অসম কৰ্মচাৰী পৰিষদে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰিছে। এই কাৰ্যসূচীলৈ সহাঁৰি জনায় শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদেও । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।
দিনৰ ১১ বজাৰ লগে লগে জিলাখনৰ সকলো বিভাগৰ শতাধিক কৰ্মচাৰী একত্ৰিত হৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ আহি এই কাৰ্যসূচী ৰূপায়ন কৰে। দেশত কৈ চাকৰি ডাঙৰ নহয়, নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক, অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে পালন কৰক, ধৰ্মৰ ভিত্তিত অসমক ভাগ ভাগ নকৰিব আদি প্লেকাৰ্ড হাতে হাতে লৈ তীব্ৰ প্ৰতিবাদ কৰে।
আনহাতে জিলাখনৰ সকলো বিভাগৰ কাৰ্যালয়ত উপস্থিত কৰ্মচাৰী, বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলে ১১ বজাৰ পৰা ২ বজালৈ সম্পূৰ্ণ কৰ্মবিৰতি পালন কৰে। যাৰ ফলত সম্পূৰ্ণ তিনিঘন্টাৰ বাবে এক প্ৰকাৰ অচল হৈ পৰে প্ৰশাসন যন্ত্ৰ।
The post জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত চৰকাৰী কৰ্মচাৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sU9T79
via IFTTT
Comments
Post a Comment