বিধেয়কৰ বিৰোধিতাৰে দিল্লীত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ এটা দল

- বিধেয়কৰ বিৰোধিতাৰে দিল্লীত উপস্থিত কংগ্ৰেছৰ এটা দল।
- ৰাজ্যসভাৰ কংগ্ৰেছৰ উপ দলপতি আনন্দ শৰ্মাক সাক্ষাত্।
- অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত গৈছে দলটো।
- দলটোত আছে হৰিশ ৰাৱট, সাংসদ সুস্মিতা দেৱ, বীৰেন সিং ইংতি, শান্তিয়াজ কুজুৰ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু লগতে প্ৰদেশ কংগ্ৰেছৰ বহু কেইবাগৰাকী বিষয়ববীয়া।
- বিধেয়কখন অসাংবিধানিক আখ্যা আনন্দ শৰ্মাৰ।
- আনন্দ শৰ্মাই কলে ‘কোনো কাৰণতে বিধেয়ক গৃহীত হ’বলৈ দিয়া নহ’ব, ৰাজ্যসভাত গৃহীত হ’বলৈ দিয়া নহ’ব এই বিধেয়কখন, বিধেয়কৰ বিৰোধিতাৰে বিৰোধী দলৰ সৈতে কথা পাতিম।
- অৱশ্যে ভোটদানক লৈ কংগ্ৰেছৰ স্থিতি সন্দৰ্ভত নকৰিলে মন্তব্য।
- বিয়লি দলটোৱে সাক্ষাত্ কৰিব গোলাম নবী আজাক।
- জ্যেষ্ঠ নেতা আহমেদ পেটেলক সাক্ষাত্ কৰিব দলটোৱে।
The post বিধেয়কৰ বিৰোধিতাৰে দিল্লীত উপস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ এটা দল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Rqf4pp
via IFTTT
Comments
Post a Comment