ওদালগুৰিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ ৪ সজীৱ গুলী

ডিজিটেল সংবাদ, ওদালগুৰিঃ বুধবাৰে পুৱা প্ৰায় ৮ মান বজাত ওদালগুৰিৰ এজন জ্যেষ্ঠ সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বাৰাণ্ডাত পাঁচটাকৈ গুলী উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ বিৱৰণী মতে, ওদালগুৰিৰ স্থানীয় সাংবাদিক গুণজিৎ দাসে পুৱা ৭:৪০ বজাত নিজ বাসগৃহৰ পৰা নিজৰ সন্তানক বিদ্যালয়ত থৈ পুৱা প্ৰায় ৮:১০ বজাত ওদালগুৰি সাপ্তাহিক বজাৰস্থিত নিজ ব্যৱসায়ীক প্ৰতিষ্ঠানত উপস্থিত হয়। উপস্থিত হৈয়ে দাসে প্ৰতিষ্ঠানখনৰ চাটাৰ তলা খুলিবলৈ লওঁতেই বাৰাণ্ডাত প্ৰথমে চাৰিটা গুলী প্ৰত্যক্ষ কৰে।
ইয়াৰ পৰৱৰ্তী সময়ত দোকানৰ চাটাৰ খুলি দিয়াত আন এটা গুলী প্ৰত্যক্ষ কৰে। এই গুলীসমূহৰ ভিতৰত দুটা খালী কাৰ্টিজৰ বিপৰীতে আছে আন তিনিটা সজীৱ গুলী। লগে লগে সাংবাদিক দাসে ওদালগুৰি আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে। আৰক্ষীয়ে গুলীকেইটা উদ্ধাৰ কৰি ইয়াক ৭.৬২ পিষ্টলৰ গুলী বুলি জানিবলৈ দিয়ে। পিছত ঘটনাস্থলীত ওদালগুৰি উপ-আৰক্ষী অধীক্ষক মইদুল ইছলাম, ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটঙ্গীয়াৰ লগতে সেনাৰ দল উপস্থিত হৈ ঘটনা সন্দৰ্ভত অনুসন্ধান চলায়।
কোনে কি উদ্দেশ্যত উক্ত গুলীকেইটা সাংবাদিকজনৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখৰ বাৰাণ্ডাত ৰাখিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত সাংবাদিক দাসে ওদালগুৰি আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে।
ইফালে এই ঘটনাক কেইবাটাও দল-সংগঠনে গৰিহনা দিছে। ওদালগুৰি প্ৰেছ ক্লাৱৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে গৌতম জ্যোতি তালুকদাৰ আৰু বৈদ্যনাথ উপাধ্যায়ে ঘটনাটো গৰিহনা প্ৰদান কৰি উচিত দোষীক শাস্তি প্ৰদানৰ দাবী জনাইছে। ওদালগুৰি আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গৰিহনা প্ৰদান কৰি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়।
The post ওদালগুৰিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত উদ্ধাৰ ৪ সজীৱ গুলী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sTvD3h
via IFTTT
Comments
Post a Comment