সংসদৰ বাজেট অধিবেশনত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত লৈ কি ক’লে ৰাষ্ট্ৰপতি কোবিন্দে?

ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল সংসদৰ বাজেট অধিবেশন। বাজেট অধিবেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে অন্য গুৰুত্বপূৰ্ণ বিষয়বোৰৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভতো কৰিলে ভাষণ।

ৰাষ্ট্ৰপতিগৰাকীয়ে কয়-‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা সেই সকল লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব, যিসকল লোকে অন্য স্থানসমূহত উৎপীড়নৰ সন্মুখীন হোৱাৰ পাছত ভাৰতলৈ আহিবলগীয়া হৈছিল। ইয়াত তেওঁলোকৰ কোনো ভুল নাই। তেওঁলোক পৰিস্থিতিৰ বলি হৈছিল।’

The post সংসদৰ বাজেট অধিবেশনত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত লৈ কি ক’লে ৰাষ্ট্ৰপতি কোবিন্দে? appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sWHFbW
via IFTTT

Comments