কিউৱী বাহিনীৰ দু্ৰ্দান্ত বলিঙত তাচ পাতৰ দৰে খহিল ইণ্ডিয়াৰ উইকেট…

ডিজিটেল ডেস্কঃ ভাৰত-নিউজিলেণ্ডৰ চতুৰ্থখন এদিনীয়াত নিলজ্জ পৰাজয়ৰ সন্মুখীন হ’ল টীম ইণ্ডিয়া। শৃংখলাত বিগত তিনিখন মেচত ধাৰাবাহিকভাৱে বিজয় সাব্যস্ত কৰাৰ পাছত চতুৰ্থখন মেচত মুখ থেকেচা খালে ভাৰতে। চতুৰ্থখন এদিনীয়াত টছত জিকি কিউৱী বাহিনীয়ে বেটিঙৰ বাবে আমন্ত্ৰণ জনোৱা ইণ্ডিয়াই ৩০.৫ অভাৰতে গোটেইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাত্ৰ ৯২ ৰাণ।

ভাৰতৰ হৈ ব্যক্তিগতভাৱে সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে যুশবেন্দ্ৰ চহলে। ৩৭ টা বলত ১৮ ৰাণ সংগ্ৰহ কৰে চহলে। চতুৰ্থখন এদিনীয়াত কিউৱী বাহিনীৰ টিন্ট বল্টৰ দুদান্ত বলিঙৰ সন্মুখত তাজপাতৰ দৰে খহিল টীম ইণ্ডিয়াৰ উইকেট। ১০ অভাৰ বলিং কৰা বল্টে ২১ ৰাণ দি দখল কৰে ৫ টা উইকেট।

ইফালে ৯৩ ৰাণৰ লক্ষ্যৰে খেলপথাৰত নমা নিউজিলেণ্ড দলে ২ টা উইকেট হেৰুৱাই ১৪.৪ অভাৰতে লক্ষ্যত উপনীত হয়। নিউজিলেণ্ডৰ হেমিল্টনত অনুষ্ঠিত হোৱা এই এদিনীয়াৰ স্কৰ ভাৰতৰ সপ্তম সংখ্যক নূন্যতম স্কৰ। চতুৰ্থখন মেচত পৰাজয় হলেও ইতিমধ্যে শৃংখলা দখল কৰা ভাৰতে এতিয়াও ৩-১ অগ্ৰগতি লাভ কৰি আছে।

The post কিউৱী বাহিনীৰ দু্ৰ্দান্ত বলিঙত তাচ পাতৰ দৰে খহিল ইণ্ডিয়াৰ উইকেট… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Bdfkmp
via IFTTT

Comments