ৰাজহুৱা স্থানত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি ওলমাই প্ৰতিবাদ সাব্যস্ত ধেমাজি জিলা ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ, ধেমাজিঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি থকা অৱস্থাত আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা প্ৰদৰ্শন কৰিবলৈ যাওঁতে নলবাৰীত বিজেপি, আৰ.এছ.এছ কৰ্মীয়ে ছাত্ৰ সন্থাৰ কৰ্মীৰ ওপৰত আক্ৰমণ চলাই।
তাৰপাছত বুধবাৰে অসম চৰকাৰৰ দাম্ভিক, অহংকাৰী, ফেচিষ্ট চৰিত্ৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ধেমাজি আগমণৰ প্ৰাকমুহূৰ্তত সমগ্ৰ জিলাখনৰ ৰাজহুৱা স্থানত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি ওলমাই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই। এক প্ৰেছ বিবৃত্তিত জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যান গগৈ য়ে সকীয়াই দি কয় যে- হিমন্ত বিশ্ব শৰ্মাই ধেমাজিলৈ আহি যাতে কোনো ধৰণৰ উচটনি মূলক, প্ৰৰোচনামূলক বক্তব্য প্রকাশ নকৰে যেন।
লগতে গণতান্ত্রিক আন্দোলনক বিপথে পৰিচালিত কাৰ্য কৰিব বিচাৰিলে পৰিস্থিতি ভয়াবহ আৰু ভযংকৰ হ’ব আৰু তাৰ বাবে কেৱল চৰকাৰ আৰু বিজেপি দল জগৰীয়া হ’ব বুলি উল্লেখ কৰে ছাত্রনেতাদ্বয়ে।
The post ৰাজহুৱা স্থানত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি ওলমাই প্ৰতিবাদ সাব্যস্ত ধেমাজি জিলা ছাত্ৰ সন্থাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RVbp80
via IFTTT
Comments
Post a Comment