ধনুভাঙাত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, দুধনৈঃ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বুধবাৰৰ পৰা ধনুভাঙা ৰাজহুৱা খেল পথাৰত অনুষ্ঠিত হৈছে ৰাভা জনগোষ্ঠীৰ অন্যতম জাতীয়-সামাজিক অনুষ্ঠান দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশন৷ বৃহস্পতিবাৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচী মতে পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লোক কৃষ্টি প্ৰদৰ্শণৰ পাছতে বিভিন্ন জাতি-গোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷

শোভাযাত্ৰাত ৰাভা জনগোষ্ঠীৰ লগতে বড়ো, চাহ জনগোষ্ঠী, কোচ-ৰাজবংশীকে আদি কৰি বিভিন্ন সাংস্কৃতিক দলৰ উপস্থিতিৰে এক সমন্বয়ৰ মিলনভূমিত পৰিণত হয়৷ আবেলি ১ বজাত বিচিত্ৰ নাৰায়ণ ৰাভাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ সভাখন উদ্বোধন কৰে দৰংগিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক প্ৰতুল চন্দ্ৰ ৰাভাই৷ উদ্বোধনী ভাষণত তেওঁ দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ জন্ম বৃত্তান্ত ব্যাখ্যা কৰে৷

মুকলি সভাত ‘অসমীয়া প্ৰতিদিন’ৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই তেওঁৰ ভাষণত ৰাভা জনগোষ্ঠী আৰু ৰাভা হাছঙৰ উত্তৰণৰ সম্পৰ্কত বিশ্লেষাত্মক ভাষণ আগবঢ়ায়৷ সভাত ‘দেওশিলা’ নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে ৰমেশ চন্দ্ৰ সৰকাৰে৷ তদুপৰ সভাত নিৰ্দিষ্ট বক্তা ৰূপে দুধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ললিত ৰাভা, বিশিষ্ট অতিথি ৰূপে টংকেশ্বৰ ৰাভা প্ৰমুখ্যে কে’বাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷

The post ধনুভাঙাত দুধনৈ পূৰ্বাঞ্চল ৰাভা সমাজৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HJf3NH
via IFTTT

Comments