পদত্যাগ পত্ৰ গ্ৰহণ নকৰি অৱসৰৰ দিনাই আলোক বাৰ্মাৰ বিৰুদ্ধে তদন্ত ঘোষণা গৃহ মন্ত্ৰণালয়ৰ

ডিজিটেল ডেস্কঃ অৱসৰ গ্ৰহণৰ সময়তে পুনৰ এবাৰ কেন্দ্ৰীয় চৰকাৰৰ ৰোষত পৰিছে আলোক বাৰ্মা। চিবিআইৰ প্ৰাক্তন সঞ্চালক আলোক বাৰ্মাৰ বিৰুদ্ধে এইবাৰ তদন্তৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। জানিব পৰা মতে, চিবিআইৰ পৰা অব্যাহতি প্ৰদানৰ পিছতে আলোক বাৰ্মাক অগ্নি নিৰ্বাপক শাখাৰ মহা প্ৰৱন্ধক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল।
কিন্তু বাৰ্মাই সেই দায়িত্ব গ্ৰহণ নকৰা বাবেই তেওঁৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে গৃহ মন্ত্ৰণালয়ে। আলোক বাৰ্মাক চিবিআই সঞ্চালক পদৰ পৰা আতৰাই অগ্নি নিৰ্বাপক শাখাত নিযুক্তি দিয়াৰ এদিন পিছতে তেওঁ পদত্যাগ কৰিছিল যদিও তেওঁৰ পদত্যাগ পত্ৰ সেই সময়ত গ্ৰহণ কৰা হোৱা নাছিল বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, চিবিআই কেলেংকাৰীত সাঙোৰ খাই পৰাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে আলোক বাৰ্মা আৰু চিবিআইৰ বিশেষ সঞ্চালক ৰাকেশ আস্থানাক ছুটি প্ৰদান কৰিছিল। প্ৰধামন্ত্ৰীৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে আলোক বাৰ্মাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাত সেই আবেদনৰ শুনানি গ্ৰহণৰ পিছত আলোক বাৰ্মাক পুনৰ চিবিআই সঞ্চালকৰ দায়িত্ব গ্ৰহণৰ অনুমতি লাভ কৰে।
কিন্তু ইয়াৰ মাত্ৰ দুদিন পিছতেই প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এ কে চিকৰি আৰু প্ৰধান বিৰোধী দল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ এখন বিশেষ সমিতিত ২-১ৰ ভোটত তেওঁক চিবিআইৰ সঞ্চালক পদৰ পৰা অব্যাহতি দি অগ্নি নিৰ্বাপক শাখাত নিযুক্তি দিয়া হয়।
The post পদত্যাগ পত্ৰ গ্ৰহণ নকৰি অৱসৰৰ দিনাই আলোক বাৰ্মাৰ বিৰুদ্ধে তদন্ত ঘোষণা গৃহ মন্ত্ৰণালয়ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2S3XI77
via IFTTT
Comments
Post a Comment