গোলাঘাট বিদ্যুত সংমণ্ডলৰ নৱতম সংযোজন

ডিজিটেল সংবাদ,গোলাঘাটঃ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনস্থ গোলাঘাট বিদ্যুৎ সংমণ্ডলৰ অন্তর্গত মৰঙি মৌজাৰ ফলঙনি উপ-সংমণ্ডলটো বুধবাৰে মুকলি কৰা হয়। নিকন পাৱাৰ এণ্ড ইনফ্রা লিমিটেডে নির্মাণ কৰি উলিওৱা উপ-সংমণ্ডলটো গোলাঘাট জিলাৰ নৱনিযুক্ত উপায়ুক্ত ধীৰেন হাজৰিকাই মুকলি কৰে ।

 

 

 

এই অনুষ্ঠানত স্থানীয় গণ্যমান্য ব্যক্তি সকল, ফলঙনি আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া সকলৰ লগতে গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, মৰঙি ৰাজহ চক্র বিষয়া বনশ্রী মালাকাৰ উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে এপিডিচিএলৰ যোৰহাট বিজুলী ভৱনৰ জিএম ত্রিদিৱ মহন্ত, ডিজিএম মৃদুল শইকীয়া , এইচজিএম পল্লৱপ্রাণ বৰা, এচইঅ’ দেবেন মুদৈ, T&C ৰ এইচ জি এম বিজয় শংকৰ বৰা তথা নিকন পাৱাৰ এণ্ড ইনফ্রা লিমিটেডৰ বিষয়ববীয়াসকল উপস্থিত থাকি সংমণ্ডলটিৰ ব্যয় আৰু সেৱাৰ বিষয়ে অৱগত কৰে। তাৰোপৰি মৌজাটোৰ ভালেসংখ্যক ক্ষুদ্র ঔদ্যোগিক প্রতিষ্ঠান, সাধাৰণ গ্রাহক, বন্যহস্তী এলেকা বাবে যোগাত্মক প্রভাৱ পেলাব বুলি বক্তব্য দাঙি ধৰে। লগতে স্থানীয় ৰাইজে উত্থাপন কৰা অভাৱ অভিযোগ সমুহ গ্রহণ কৰি সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে।

The post গোলাঘাট বিদ্যুত সংমণ্ডলৰ নৱতম সংযোজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2G1ctkE
via IFTTT

Comments