ধনশিৰি নৈৰ সমীপত আহোম সেনাৰ উদ্যোগত মে-ডাম-মেফী উদযাপন

ডিজিটেল সংবাদ, নুমলীগড়ঃ পংকা পঞ্চায়তৰ অন্তৰ্গত আহোম চুক গাঁৱৰ ৰাইজৰ সহযোগত আৰু আহোম সেনা সংগঠনৰ উদ্যোগত উলহ-মালহেৰে ৩১ জানুৱাৰীৰ দিনা আহোম সকলৰ প্ৰধান উৎসৱ মে-ডাম-মেফী উদযাপন কৰা হৈছে। গোলাঘাট জিলাৰ মাজেৰে বৈ যোৱা ধনশিৰি নদীৰ কাষত উদযাপন কৰা হৈছে এই উৎসৱ।
পুৱা ৮:৩০ বজাত পতাকা উত্তোলন কৰে আহোম সেনাৰ কেন্দ্ৰীয় সম্পাদক যুগলজ্যোতি গগৈয়ে। ইয়াৰ পাছত পূৰ্বপুৰুষ সকলক সুঁৱৰি বন্তি প্রজ্বলন কৰে উদযাপন সমিতিৰ উপ-সভাপতি অনিল ফুকনে।
The post ধনশিৰি নৈৰ সমীপত আহোম সেনাৰ উদ্যোগত মে-ডাম-মেফী উদযাপন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2WsofcN
via IFTTT
Comments
Post a Comment