সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ শিক্ষা মূলক ভ্ৰমণ

ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ অন্তৰ্গত এখন আগশাৰীৰ শিক্ষানুষ্ঠান শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ শিক্ষাৰ্থী সকলৰ এক শিক্ষা মূলক ভ্ৰমণৰ অংশ হিচাপে গোলাঘাটৰ শালমৰাস্থিত ধনশিৰি ইণ্ডাষ্ট্ৰীজ পৰিদৰ্শন কৰোৱা হয়।

মূলতঃ ধূপকাঠি নিৰ্মাণ কৰা এই উদ্যোগটোৰ স্বত্বাধিকাৰ যুৱ উদ্যোগী বিক্ৰমজিৎ বৰুৱাই শিক্ষাৰ্থী সকলক কিদৰে বাঁহ সংগ্ৰহ কৰি, বিভিন্ন পৰ্যায়ৰ মাজেৰে গৈ বিভিন্ন আকাৰৰ, ৰং-বিৰঙৰ ধূপকাঠি নিৰ্মাণ কৰা হয় সেই সম্পৰ্কে অৱগত কৰে। লগতে এনে উদ্যোগৰ চাহিদা, বজাৰ ব্যৱস্থা আদিৰ বিষয়েও শিক্ষাৰ্থী সকলৰ আগত বক্তব্য দাঙি ধৰে বিক্ৰমজিৎ বৰুৱাই। ধনশিৰি ইণ্ডাষ্ট্ৰীজৰ আন এজন স্বত্বাধিকাৰ প্ৰীতমজিৎ বৰুৱাইয়ো শিক্ষাৰ্থী সকলৰ সৈতে মত-বিনিময় কৰে। শিক্ষাৰ্থী সকলে উদ্যোগটো পৰিদৰ্শন কৰি যথেষ্টখিনি জানিব পাৰিলে বুলি মন্তব্য কৰে

The post সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ শিক্ষা মূলক ভ্ৰমণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UqEHrS
via IFTTT

Comments