কোকৰাঝাৰত ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ চিবিআইৰ বিশেষ আদালতে ৰঞ্জন দৈমাৰীসহ ১০ জনক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ প্ৰতিবাদত এনডিএফবিৰ সাধাৰণ সম্পাদক বি অঞ্জালুৱে বৃহস্পতিবাৰে আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধৰ কোকৰাঝাৰত জিলাত সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ।
বন্ধৰ সময়ছোৱাত জিলাখনৰ কোকৰাঝাৰ সদৰ চহৰ ,গোঁসাইগাঁও , ফকিৰাগ্ৰাম , ছালাকাটি , তিতাগুৰী, বালাজান তিনালী , কাৰিগাঁও , কচুগাঁও , ছেৰফাংগুৰী আদিকে ধৰি সকলোবোৰ অঞ্চলতে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে ৷ বন্ধৰ সময়ছোৱাত গাড়ী, মটৰ, দোকান, পোহাৰ, হাট,বজাৰ সম্পূৰ্ণকৈ বন্ধ হৈ পৰে, ফলত জনজীৱন ব্যাহত হৈ পৰে ৷ তদুপৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ভাৰত-ভূটান সংযোগী পথতো যান-বাহনৰ চলাচলো সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৷
The post কোকৰাঝাৰত ১২ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GdbBIH
via IFTTT
Comments
Post a Comment