ৰাইজৰ গালিক আশীৰ্বাদ হিচাপে গণ্য কৰিছো, মাতৃ-পিতৃয়েও নিজৰ সন্তানক গালি পাৰে…

  • ‘ৰাইজৰ গালিক আশীৰ্বাদ হিচাপে গণ্য কৰিছো। মাতৃ–পিতৃয়েও নিজৰ সন্তানক গালি পাৰে।’
  • ঢকুৱাখনাত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
  • ‘ৰাইজৰ ৰঙৰ প্ৰতি সদায় শ্ৰদ্ধা কৰো, সেয়া ক’লা হওক বা বগাই হওক বুলিও মন্তব্য সোণোৱালৰ।’
  • অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বাবে সদৌ অসম ছাত্ৰ সন্থাক গুৰুত্ব প্ৰদান কৰাৰ আহ্বান।
  • ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে অসম স্থায়ীভাৱে সুৰক্ষিত হ’ব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ।
  • উল্লেখ্য যে, মে-ডাম-মে-ফিৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ঢকুৱাখনালৈ গৈছিল মুখ্যমন্ত্ৰী সোণোৱাল।
  • হেলিকপ্টাৰেৰে অৱতৰণৰ পিছতে ক’লা পতাকা দেখুৱাই প্ৰতিবাদ কৰিছিল ঢকুৱাখনা আছুয়ে।
  • নিৰাপত্তাৰক্ষী আৰু আছু সদস্যৰ মাজত হৈছিল হতাহতি।

The post ৰাইজৰ গালিক আশীৰ্বাদ হিচাপে গণ্য কৰিছো, মাতৃ-পিতৃয়েও নিজৰ সন্তানক গালি পাৰে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HHDmM7
via IFTTT

Comments