জি এল আগৰৱালাৰ মৃত্যুত গোলাঘাটত শোক

ডিজিটেল সংবাদ, গোলাঘাটঃ অসমৰ সংবাদ জগতৰ অন্যতম সংবাদ গোষ্ঠী জি এল পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক তথা আমাৰ অসম সংবাদ পত্ৰৰো পৰিচালন সঞ্চালক, অসমীয়া ভাষা সাহিত্যৰ একনিষ্ঠ সেৱক জি এল আগৰৱালাৰ মৃত্যুত গোলাঘাটত শোক প্ৰকাশ কৰে বিভিন্ন দল-সংগঠনে।

জি এল আগৰৱালাক অসমৰ সংবাদ-সাহিত্য ক্ষেত্ৰৰ অন্যতম পুৰুধা বুলি অভিহিত কৰি গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি সোনাৰাম ভৰালী আৰু সাধাৰণ সম্পাদক ৰোহিত গগৈ, ইউনাইটেড চেম্বাৰ অৱ কমাৰ্চৰ গোলাঘাটৰ উপদেষ্টা অপূৰ্ব বল্লভ গোস্বামী, সভাপতি ইমাম হুছেইন, সম্পাদক তনুজ মহন্ত আদিয়ে গভীৰ শোক প্ৰকাশ কৰে।

ইয়াৰ উপৰিও গোলাঘাট শাখা সাহিত্য সভাৰ সভাপতি অপৰাজিতা বৰুৱা, সম্পাদক সুনীল কুমাৰ ৰাজগুৰু, গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটিৰ সভাপতি ডা০ মানস ৰয়, প্ৰশাসনীয় সম্পাদক দীপ মণি খাটনীয়াৰ, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোণোৱাল সম্পাদক প্ৰিন্স দলে আদি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই গভীৰ শোক প্ৰকাশ কৰে।

The post জি এল আগৰৱালাৰ মৃত্যুত গোলাঘাটত শোক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2BdsVtY
via IFTTT

Comments