সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বাৰাণ্ডাত সজীৱ গুলী উদ্ধাৰৰ ঘটনাক গৰিহণা ওদালগুৰি প্ৰেছ ক্লাৱৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বুধবাৰে ৰাতিপুৱা ওদালগুৰিৰ এটি ব্যক্তিগত টিভি চেনেল আৰু এখন অসমীয়া দৈনিক কাকতৰ স্থানীয় সাংবাদিক গুণজিৎ দাসৰ নিজ ব্যৱসায়ী প্ৰতিষ্ঠানৰ বাৰাণ্ডাত সজীৱ গুলী উদ্ধাৰ হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাৰ ৩৬ ঘণ্টা অতিক্ৰম হোৱাৰ পাছতো আৰক্ষীয়ে এজনো দোষীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই। বৃহস্পতিবাৰে ওদালগুৰি সদৰৰ সমূহ সাংবাদিকৰ উপস্থিতিত এখনি জৰুৰী সভা আহ্বান কৰি বিষয়টো সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়।
ঘটনা অনুসৰি বুধবাৰে পুৱা প্ৰায় ৮.১০ বজাত ওদালগুৰিৰ সাংবাদিকজনে নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠান খুলিবলৈ লওঁতেই প্ৰতিষ্ঠানখনৰ চাটাৰৰ তলাৰ সমীপত চাৰিটা আৰু চাটাৰৰ ভিতৰত এটা ৭.৬২ পিষ্টলৰ গুলী উদ্ধাৰ হৈছিল। ইয়াৰে ভিতৰত তিনিজাঁই সজীৱ গুলীৰ বিপৰীতে দুইজাঁই খালী কাৰ্টিজ আছিল। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অৱগত হৈ গুলীকেইটা উদ্ধাৰৰ লগতে অনুসন্ধান আৰম্ভ কৰে। এগৰাকী সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখত কোনো অচিনাক্ত দুৰ্বৃত্বই এনেদৰে সজীৱ গুলী এৰি থৈ যোৱা ঘটনাক ওদালগুৰি প্ৰেছ ক্লাৱৰ লগতে বিভিন্ন দল-সংগঠনে গৰিহণা প্ৰদান কৰে।
এই ঘটনা সন্দৰ্ভত আজি ওদালগুৰি প্ৰেছ ক্লাৱত এখন জৰুৰী সভা আহ্বান কৰা হয়। সভাত উপস্থিত থাকি ওদালগুৰি সদৰৰ প্ৰতিজন সাংবাদিকে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা প্ৰদান কৰাৰ লগতে দোষীক বিচাৰি উলিয়াই প্ৰশাসনে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। ওদালগুৰি প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক বৈদ্যনাথ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিভিন্নজন সাংবাদিকে নিজৰ মত ব্যক্ত কৰি ঘটনা সন্দৰ্ভত আগন্তুক কাৰ্যপন্থা কিদৰে গ্ৰহণ কৰি উপযুক্ত দোষীক চিনাক্তকৰণৰ বাবে প্ৰশাসনক হেচা প্ৰদান কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়।
অহা দুই এদিনৰ ভিতৰত ঘটনাত জৰিত দোষীক শীঘ্ৰে কৰায়ত্ব কৰাৰ বাবে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকলৈ স্মাৰকপত্ৰ প্ৰদানৰ ব্যৱস্থা কৰা হ’ব বুলি সভাই জানিবলৈ দিয়ে। আগন্তুক দিনত এই ঘটনাৰ বিৰুদ্ধাচৰণ কৰি প্ৰতিবাদী কাৰ্যসূচীৰো পোষকতা কৰে আজিৰ সভাত উপস্থিত সাংবাদিকসকলে।
কোনে কি কাৰণত সাংবাদিকক লক্ষ্য কৰি এনে দুষ্কাৰ্য সংঘটিত কৰিলে সেয়া এতিয়াও পোহৰলৈ অনা নাই। এই ঘটনাক আজি ওদালগুৰি জিলা সাংবাদিক সন্থায়ো গৰিহণা প্ৰদান কৰে। সন্থাৰ সাধাৰণ সম্পাদক দিলীপ বৰুৱাই আজি ওদালগুৰি প্ৰেছ ক্লাৱৰ উক্ত সভাত উপস্থিত থাকি দুৰ্বৃত্তৰ এনে কাণ্ডক ধিক্কাৰ প্ৰদান কৰে। উল্লেখ্য যে আজি ওদালগুৰি প্ৰেছ ক্লাৱৰ নৱগঠিত সমিতিখনক দ্বায়িত্বভাৰ অৰ্পন কৰে পূৰ্ৱৰ সমিতিখনে।
The post সাংবাদিকৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বাৰাণ্ডাত সজীৱ গুলী উদ্ধাৰৰ ঘটনাক গৰিহণা ওদালগুৰি প্ৰেছ ক্লাৱৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2RqpGVn
via IFTTT
Comments
Post a Comment