নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবত সৃষ্টি হোৱা পৰিস্থিতিক লৈ শংকিত বিজেপি!

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে উত্তৰ-পূবৰ লগতে দেশৰ অন্য প্ৰান্তসমূহত প্ৰতিবাদ অব্যাহত থকা সময়তে বিজেপি নেতা ৰাম মাধৱে মন্তব্য কৰে যে- এই বিধেয়কৰ বিৰুদ্ধে জনসাধাৰণে কৰা এই প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিকল্প পথ বিচাৰি উলিয়াবলৈ আলোচনাত কৰি আছে।
লোকসভাত এই বিধেয়কখন গৃহীত হোৱাৰ পাছত অহা ৮ জানুৱাৰীত বিধেয়কখন ৰাজ্যসভাত উত্থাপনৰ সম্ভাৱনা কৰা হৈছে। ইফালে, উত্তৰ-পূবৰ একাংশ বিজেপি সমৰ্থকসহ ১০টা জাতীয় সংগঠনে মঙলবাৰে এই বিধেয়কখনৰ বিৰুদ্ধে সংকল্প জাৰি কৰিব। কাৰণ এই বিধেয়কখন উত্তৰ-পূৰ্বাঞ্চলৰ থলুৱা আৰু খিলঞ্জীয়া জনসাধাৰণৰ বাবে হানিকাৰক।
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আৰু উত্তৰ-পূবৰ দায়িত্বত থকা ৰাম মাধৱে স্বীকাৰ কৰে যে, এই বিধেয়কখনৰ বাবেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত উত্তেজনাময় পৰিৱেশ সৃষ্টি হৈছে আৰু সৰ্বসাধাৰণ ক্ষোভিত হৈ আছে। লগতে তেওঁ এক সংবাদমাধ্যমৰ আগত কয়- ‘আমি দল আৰু চৰকাৰৰ তৰফৰ পৰা তেওঁলোকৰ সৈতে আলোচনা কৰি আছো। গৃহমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ শীৰ্ষ নেতাসকলৰ সৈতে এই সন্দৰ্ভত আলোচনাত মিলিত হৈছে। আমি আশাবাদী যে, শীঘ্ৰেই এই বিধেয়ক সন্দৰ্ভত আমি এক বিকল্পৰ পথ উলিয়াম যাৰ দ্বাৰা আমাৰ সকলোৰে মাজত শান্তিময় পৰিৱেশে বিৰাজ কৰিব।’
কিন্তু তেওঁ বৰ্তমানলৈ এই বিষয়ত স্পষ্ট কৰা নাই যে বিধেয়ক সন্দৰ্ভত চৰকাৰে কি বিকল্প পথ বাচি উলিয়াব। তেওঁ কয়- ‘মই এতিয়া কি বিকল্প পথ বিচাৰিম সেই সন্দৰ্ভত সঠিকভাৱে জনাব নোৱাৰিম। আমাৰ নেতৃত্বই উত্তৰ-পূৰ্বাঞ্চলৰ মিত্ৰজোটৰ লগতে আন আন প্ৰান্তৰ সৰ্বসাধাৰণৰ এই ক্ষোভ আৰু চিন্তাক কেনেকৈ কমাব পাৰি সেই বিষয়ত আলোচনা কৰি আছে। তাৰোপৰি চিন্তিত ৰাইজক কৰা সকলো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিব লাগিব।’
উল্লেখ্য যে, দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনৰ সমীপত বুধবাৰে মণিপুৰৰ পৰা যোৱা ৭টাকৈ ছাত্ৰ সংগঠনে একত্ৰিতভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি, এই মাহত এইটো দ্বিতীয় প্ৰতিবাদী কাৰ্যসূচী য’ত উত্তৰ-পূবৰ দল-সংগঠনে দিল্লীৰ উচ্চ সুৰক্ষিত এলেকাত এই বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে অসমত বিজেপিৰ পৰা এই বিধেয়কখনৰ বিৰোধিতা কৰি অসম গণ পৰিষদেও মিত্ৰতা ভংগ কৰিছে।
The post নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উত্তৰ-পূবত সৃষ্টি হোৱা পৰিস্থিতিক লৈ শংকিত বিজেপি! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HFoeyQ
via IFTTT
Comments
Post a Comment