ওদালগুৰিত এনডিএফবিৰ ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ডিজিটেল সংবাদ, ওৰাংঃ ২০০৮ চনৰ ৩০ অক্টোবৰত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণত মূল অভিযুক্ত এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ডি আৰ নাবলা ওৰফে ৰঞ্জন দৈমাৰী আৰু আন ৯জনক চিবিআইৰ বিশেষ আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান কৰা কাৰ্যক একপক্ষীয় ৰায়দান কৰা বুলি অভিযোগ উত্থাপন কৰি তাৰ প্ৰতিবাদত এনডিএফবিয়ে আহ্বান কৰা ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাৰ ৰৌতা, ওৰাং, মাজবাটত সৰ্ব্বাত্মক ৰূপত পৰা পৰিলক্ষিত হৈছে ৷
বন্ধৰ সময়ছোৱাত চহৰ কেইখনৰ সকলো চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ব্যৱসায়ীক প্ৰতিষ্ঠান আৰু সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ থকা পৰিলক্ষিত হয় । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথে দুই-এখন এখন ব্যক্তিগত বাহানৰ বাদে গধুৰ যান-বাহানৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ আছে । বন্ধৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ তাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ পৰা সম্ভাৱ্য স্থান সমূহত কঠোৰ নিৰাপত্তা গঢ়ি তোলা পৰিলক্ষিত হৈছে ।
The post ওদালগুৰিত এনডিএফবিৰ ১২ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Si1Kb0
via IFTTT
Comments
Post a Comment