বটদ্ৰৱা থানৰ বেদখলমুক্ত ভুমি সংৰক্ষণ কৰাৰ উদ্দেশ্যৰে হিন্দু-মুছলমান সম্প্ৰদায় ৰাইজৰ প্ৰসংশনীয় প্ৰদক্ষেপ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ যিসময়ত হিন্দু-মুছলমানক লৈ একাংশ সুবিধাবাদী ধুৰন্ধৰ ৰাজনীতিকে নিকৃষ্ট ৰাজনীতিৰে ৰাজ্যখনৰ বাতাবৰণ সম্পূৰ্ণৰূপে বিষাক্ত কৰি তুলিছে সেই সময়তে প্ৰায় ৫৫০ বছৰ পূৰ্বে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত একতা আৰু সমন্বয়ৰ বানীৰে সমাজখন ত শান্তি সম্প্ৰীতি প্ৰতিষ্ঠা কৰা মহাপুৰুষ শঙ্কৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ বাসিন্দাসকলে দেখুৱাইছে সম্প্ৰীতিৰ এক সুন্দৰ নিদৰ্শণ ৷
জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা অঞ্চলৰ ঐতিহাসিক শান্তিজান জলপৃষ্ঠৰ ওপৰত একাংশ সমাজবিৰোধী লোকে চলাই অহা অবৈধ বেদখল বিগত সময়ত প্ৰশাসনে উচ্ছেদ কৰাৰ পিছত উক্ত ভূখণ্ডৰ প্ৰায় চাৰিবিঘা ভূমি পৰিতক্ত হৈ আছিল ৷উক্ত পৰিতক্ত ভুমিখণ্ডক ব্যৱসায়িক কাৰ্যৰবাবে ব্যৱহাৰ কৰি উপযোগী কৰি তোলাৰ বাবে সত্ৰৰ লোকসকলৰ লগতে চুবুৰীয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে বটদ্ৰৱা থান পৰিচালনা সমিতিক সময়ে সময়ে আহ্বান জনায় আহিছিল ৷
বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে উক্ত ভুমিখণ্ড স্থায়ীভাৱে সংৰক্ষণ কৰাৰ উদ্দেশ্যৰে আজি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভনি কৰে । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ মোহন বৰুৱা, কাৰ্য নিৰ্বাহক সদস্যবৃন্দ, দুইসত্ৰৰ সেৱক ভক্ত-বৈষ্ণৱ, স্থানীয় হিন্দু-মুছলমান সম্প্ৰদায়ৰ ৰাইজৰ উপস্থিতিত হৰি ধ্বনিৰে এই নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয় । এই আধাৰশিলা অনুষ্ঠানটিত স্থানীয় সমাজপ্ৰিয় ইছলামধৰ্মী ৰাইজে আন্তৰিকতাৰে অংশগ্ৰহণ কৰে ৷
অনুষ্ঠানত উপস্থিত সকলোৱে একেমুখে বৰ্তমান সময়ৰ ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰি কোনো সমাজবিৰোধী চক্ৰই যাতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভুমি শান্তিপ্ৰিয় অসমখনত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব নোৱাৰ তাৰ বাবে সকলোকে সজাগ হৈ থাকিবলৈ আহ্বান জনায় ৷
The post বটদ্ৰৱা থানৰ বেদখলমুক্ত ভুমি সংৰক্ষণ কৰাৰ উদ্দেশ্যৰে হিন্দু-মুছলমান সম্প্ৰদায় ৰাইজৰ প্ৰসংশনীয় প্ৰদক্ষেপ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GbGBJ3
via IFTTT
Comments
Post a Comment