১ মিনিটত ২৫ খবৰ…

১. ১ ফেব্ৰুৱাৰীৰ পৰা সংসদৰ বাজেট অধিৱেশন। বুধবাৰে লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে আহ্বান কৰে সৰ্বদলীয় বৈঠক।
২. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজপথত নামিল ৰাজ্যৰ চৰকাৰী কৰ্মচাৰী। সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘটত অচল ৰাজ্যৰ চৰকাৰী কাৰ্যালয়।
৩. তিনিচুকীয়া হ’ল যুদ্ধ ক্ষেত্ৰ। আৰ এছ এছে পতা সভাত আছু, অগপ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীৰ ৰুদ্ৰমূৰ্তি।
৪. মুশ্বাৰাফ ফাৰুকৰ হায়দৰাবাদ পৌৰ নিগমত বিধ্বংসী অগ্নিকাণ্ড। শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড।
৫. প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কংগ্ৰেছত যোগদান দিয়াক লৈ টি আৰ এছ নেত্ৰী কে কবিতাই মন্তব্য কৰে- ‘প্ৰথমে তেওঁ আলহী হিচাপে আছিল দলটোৰ বাবে, এতিয়া দলটোৰ সদস্য। তেওঁ যিবোৰ প্ৰতিশ্ৰুতি দিছে, কমেও সেইখিনি কাম কৰিব বুলি মই আশাবাদী।’
৬. ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কংগ্ৰেছৰ স্থিতি স্পষ্ট।
৭. চৰাইদেউ মথুৰাপুৰত গাঁৱে গাঁৱে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰুদ্ধে বিশাল জোঁৰ সমদল ৷ বৃহত্তৰ মথুৰাপুৰ বাসী আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী কায্যসূচীত শ শ ৰাইজে হাতে হাতে জ্বলন্ত শিখা লৈ চৰকাৰ বিৰোধী শ্ল’গান দি গ্ৰামাঞ্চলৰ চৌপাশ উত্তাল কৰি তোলে৷
৮. প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দিল্লীলৈ তলব। ৰাহুল গান্ধীয়ে জৰুৰীভাৱে মাতি পঠিয়ালে গগৈক। বুধবাৰেই দিল্লীলৈ ৰাওনা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে দিল্লীত বাহৰ পাতি আছে ৰিপুণ বৰাই। লগত আছে দেৱব্ৰত শইকীয়াসহ ৩০জনীয়া দল।
৯. তিনিচুকীয়াৰ ঘটনাক লৈ উদ্বিগ্ন জিলা প্ৰশাসন। আইন-শৃংখলা অটুট ৰাখিবলৈ আহ্বান সকলোকে। যাতে কোনো ধৰণৰ অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে প্ৰশাসনক সহায়-সহযোগ কৰিবলৈ আহ্বান। এক জাননীৰ জৰিয়তে এই আহ্বান জিলা প্ৰশাসনৰ
১০. ‘মই গোৱাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে মিলিত হৈছিলো। তেওঁ মোক ৰাফেল ক্ৰয় প্ৰক্ৰিয়া সলনি কৰাৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰীক সোধা নাছিল।’- বুধবাৰে এই মন্তব্য কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।
১১. ‘মুম্বাইত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলালে, উৰি সম্পন্ন হ’ল, তাৰ পাছত কি হ’ল? এইটোৱে পৰিৱৰ্তন। জোৱানসকলৰ হৃদয়ত জ্বলি থকা অগনি মোৰ হৃদয়তো জ্বলি আছে। ছাৰ্জিকেল ষ্ট্ৰাইক তাৰেই ফল।’- বুধবাৰে এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কৰিলে এই মন্তব্য।
১২. নুমলীগড়ৰ লুৰুকিহাটত বাইকৰ খুন্দাত এজন লোক নিহত। বাইকৰ খুন্দাত গুৰুতৰভাৱে আহত আন এজন লোক। দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে বাইক চালকৰ ঘটনাস্থলীৰ পৰা পলায়ন।
১৩. ধেমাজি জিলা কংগ্ৰেছৰ নতুন সভাপতি নিযুক্ত। যুৱ নেতা নিতু বৰগোহাঁইক দিয়া হৈছে নিযুক্তি। ঋষভ গগৈৰ স্থানত নিতু
১৪. বুধবাৰে দিল্লীত কংগ্ৰেছ নেতা সিদ্দাৰামায়াহই উপস্থিত সদ্যপ্ৰয়াত প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জৰ্জ ফাৰ্ণাণ্ডেজৰ বাসগৃহত। তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
১৫. বিশ্বনাথত কুখ্যাত গঁড় চিকাৰীক গ্ৰেপ্তাৰ। চতিয়াৰ ভোজমাৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে গঁড় চিকাৰী আব্দুল জলিলক। আৰক্ষীয়ে জব্দ কৰিলে দুটা ৩.৩ ৰাইফল, দুটা মেগজিন আৰু ১৮জাঁই গুলী
১৬. গাডচিৰোলীৰ ভাম্ৰাগাডত বুধবাৰে গুলীবিদ্ধ হৈ নিহত এজন নিৰীহ লোক। মাওবাদীৰ গুলীত নিহত হয় লোকজন।
১৭. বিহালীৰ ঘটনাক লৈ মন্ত্ৰী ৰঞ্জিত্ দত্তৰ প্ৰতিক্ৰিয়া। মহিলাগৰাকীক কোনো টকা দিয়াৰ কথা কোৱা নাই, সেয়া মিছা মাতিছে মহিলাগৰাকীয়ে। যদি সঁচা হয় প্ৰমাণ দিয়ক বুলিও মন্তব্য দত্তৰ।
১৮. নুমলীগড়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল। ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ লৱনঘাটত প্ৰতিবাদ সাব্যস্ত।
১৯. শিৱসাগৰত অনা অসমীয়া ব্যৱসায়ী আৰু আক্ৰাছুৰ সংঘাত। আক্ৰাছুৰ বিষয়ববীয়াক হত্যাৰ চেষ্টা আৰু এজন আঘাতপ্ৰাপ্ত। অসমীয়া জাতিক অপমানৰ অভিযোগত এই পৰিস্থিতি।
২০. পশ্চিমবংগত ত্ৰিপুৰা মুখ্যমন্ত্ৰীৰ কনভয়ত এজন আৰোহীয়ে খুন্দিয়ালে বাইক। আৰক্ষীয়ে পাছত গ্ৰেপ্তাৰ কৰে বাইক আৰোহীজনক।
২১. বুধবাৰে পুৱা আত্মহত্যা কৰে অভিনেতা ৰাহুল দীক্ষিতে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে তদন্ত।
২২. দিছপুৰলৈ সকীয়নি সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ- ‘দমন চলিছে, দমন মানি লোৱা নহ’ব, অসমৰ ৰাইজক ক্ষমা খোজক মুখ্যমন্ত্ৰীয়ে, ৰাজপথৰ প্ৰতিবাদ কৰিয়েই আজি মুখ্যমন্ত্ৰী, ৰক্ষাকবচ ল’ব কিন্তু বাংলাদেশীৰ বোজা নলয়।’
২৩. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পাঠশালাত বজালী জিলা কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট। পাঠশালা হৰি মন্দিৰ প্ৰাংগণত বিধেয়কখন বাতিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত।
২৪. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল নাজিৰা মহকুমাধিপতি কাৰ্যালয়। শীঘ্ৰে জাতিধ্বংসী বিধেয়কখন বাতিল কৰাৰ দাবীত কৰ্মচাৰী পৰিষদৰ অৱস্থান ধৰ্মঘট।
২৫. উত্তৰাখণ্ডত তুষাৰপাত। চামোলি জিলাৰ বদ্ৰিনাথ তুষাৰপাতৰ ফলত স্তব্ধ হৈ পৰে যাতায়াত।
The post ১ মিনিটত ২৫ খবৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2sVWVGb
via IFTTT
Comments
Post a Comment