নাগৰিকত্ব (সংশোধনী) বিধেয়কক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণ

ডিজিচেল সংবাদঃ আজি ৩১ জানুৱাৰি বৃহস্পতিবাৰে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বিতৰ্কিত নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ৰ সপক্ষে নিজৰ মত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে এই বিধেয়কখনে কোনো দেশত নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰক্ৰিয়া উজু কৰি তুলিব। সংসদত এটা নিয়মমাফিক ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে, ‘‘তেওঁলোকৰ কোনো দোষ নাই, তেওঁলোক হৈছে পৰিস্থিতিৰ চিকাৰ।’’ লোকসভা আৰু ৰাজ্যসভাৰ এখন যুটীয়া বৈঠকক সম্বোধন কৰি ৰাষ্ট্ৰপতি কবিন্দে জিএছটি বলৱৎ কৰাৰ ফলত দেশৰ বিভিন্ন অংশত ব্যৱসায় কৰা সহজ হৈ পৰিছে। তেওঁ আৰু কয় যে ক’লাধন আৰু দুৰ্নীতিৰ বিৰুদ্ধে বিমুদ্ৰাকৰণ হৈছে চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।

তেওঁ আৰু কৈছে যে আগন্তুক দিনত দেশৰ বায়ুসেনাত অনতিপলমে ৰাফাল যুদ্ধবিমান মোতায়েন কৰা হ’ব আৰু সামৰিক সামৰ্থ্য বৃদ্ধি কৰা হ’ব। ভাষণৰ আৰম্ভণিতে ৰাষ্ট্ৰপতিগৰাকীয়ে মহাত্মা গান্ধী, ড০ বি আৰ আম্বেদকাৰ আৰু বাসৱান্নাক স্মৰণ কৰে। উল্লেখ্য যে এয়াই ১৬ সংখ্যক লোকসভাত ৰাষ্ট্ৰপতি কবিন্দৰ এয়াই অন্তিমোট ভাষণ। সংসদত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীক উপৰাষ্ট্ৰপতি এম ভি ভেংকায়ানাইডু, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে আদৰণি জনায়।

The post নাগৰিকত্ব (সংশোধনী) বিধেয়কক সমৰ্থন কৰি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণ appeared first on Gana Adhikar.



from Gana Adhikar http://bit.ly/2TjFTgG
via IFTTT

Comments