নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোলাঘাটৰ জামুগুৰিত এআইএছএফৰ পথ অৱৰোধ

ডিজিটেল সংবাদ, গোলাঘাটঃ অসম তথা অসমবাসী জাতি-জনগোষ্ঠী আৰু ভাষা-সংস্কৃতি অস্তিত্ব সংকটাপন্ন কৰি বিজেপি চৰকাৰে গৃহিত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে আজি নিখিল ভাৰত ছাত্ৰ ফেডাৰেচন গোলাঘাট জিলা পৰিষদে বিভিন্ন দল-সংগঠনৰ সহযোগত জামুগুৰি চাৰিআলিত এক দুঘণ্টীয়া পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

এআইএছএফৰ জিলা সভাপতি ধনীৰাম পাত্ৰ, সম্পাদক যদু বৰা, ৰাজ্যিক সম্পাদক বিতোপন গগৈ, জামুগুৰি আঞ্চলিক সমিতিৰ সম্পাদক তৰংগ খাটনীয়াৰৰ নেতৃত্বত অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে দিনৰ প্ৰায় ১২ বজাত বিধেয়ক বিৰোধী তথা চৰকাৰ বিৰোধী শ্ল’গানেৰে ৰাজপথ উত্তাল কৰি তোলে। উল্লেখযোগ্য যে অৱৰোধ কাৰ্যসূচীত বহুসংখ্যক কংগ্ৰেছ কৰ্মীৰ লগতে দুই শতাধিক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।

লোকসভাৰ গৃহীত কৰাৰ পাছত ৰাজ্য সভাতো বিধেয়কখন গৃহিত কৰিবলৈ বদ্ধপৰিকৰ বিজেপিক ৰাজ্যসভাৰ আৰম্ভণিৰ দিনটোতে সকীয়নি প্ৰদান কৰি পথ অৱৰোধস্থলীত অনুষ্ঠিত প্ৰতিবাদী সভাত এআইএছএফ প্ৰাক্তন ৰাজ্যিক সম্পাদক প্ৰফুল্ল শইকীয়া, অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক পৰমানন্দ দাস, চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক মহেন বৰা, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ জিলা সভাপতি পাৰ্থপ্ৰতিম বৰা, জামুগুৰি প্ৰেছ ক্লাৱৰ পাৰ্থপ্ৰতিম শইকীয়া, এছএফআইৰ প্ৰাক্তন কৰ্মী ভক্তি বৰা, স্থানীয় সচেতন নাগৰিক ধ্ৰুৱ দত্ত, অসীম সন্দিকৈ আদিয়ে বিধেয়ক কোনো কাৰণতে গৃহীত কৰিবলৈ দিয়া নহ’ব আৰু কৰিলে গণতান্ত্ৰিক গণ প্ৰতিৰোধৰ লগতে সৰ্বাত্মক অসহযোগ গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।

সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰ তথা জাতি ৰক্ষাৰ স্বাৰ্থত আদৰ্শগত সংঘাত একাষৰীয়া কৰি সকলো দল-সংগঠন একগোট হৈ বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰাৰ লগতে বিধেয়ক বিৰোধী আন্দোলনক বিভিন্ন ষড়যন্ত্ৰৰে পথভ্ৰষ্ট কৰাৰ চেষ্টা নকৰিবলৈ বিজেপিক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সংগঠনসমূহে।

The post নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গোলাঘাটৰ জামুগুৰিত এআইএছএফৰ পথ অৱৰোধ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UtEvrW
via IFTTT

Comments