পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ সাফল্য

ডিজিটেল সংবাদ, চামগুৰিঃ ৰঙাপৰা মহাবিদ্যালয় উদ্যোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃমহাবিদ্যালয় ভাৰ উত্তোলন,শক্তি উত্তোলন আৰু দেহশ্ৰী প্ৰতিযোগীতা ২০১৮-১৯ ত অংশগ্ৰহণ কৰি পুৰণিগুদাম ড’ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ে গৌৰৱ কঢ়িয়াই আনিছে৷যোৱা ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ ৰঙাপৰা মহাবিদ্যালয়ত অনুষ্ঠিত ভাৰ উত্তোলন আৰু শক্তি উত্তোলনত প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰি মহাবিদ্যালয়খনৰ ছগৰাকী প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰাত মহাবিদ্যালয়খনৰ অধ্যক্ষ,শিক্ষক-শিক্ষয়িত্ৰী,কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰীসকল আনন্দিত হৈ পৰিছে৷
ভাৰ উত্তোলন প্ৰতিযোগিতাত পুৰণিগুদাম ড’ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে শ্যামলীমা বৰাই ৫২ কেজি শাখাত প্ৰথম,চিম্পী বৰাই ৬৩ কেজি শাখাত দ্বিতীয়,নুমান কুটুব আহমেদয়ে ১২০ কেজি শাখাত প্ৰথম পুৰস্কাৰ,মৃদুল শইকীয়াই ৬৬ কেজিৰ শাখাত দ্বিতীয় পুৰস্কাৰ,কংকণ বৰাই ৮৩ কেজিৰ শাখাত তৃতীয় পুৰস্কাৰ আৰু শক্তি উত্তোলন প্ৰতিযোগিতাৰ ৫২ কেজিৰ শাখাত শ্যামলীমা বৰাই দ্বিতীয় পুৰস্কাৰ অৰ্জন কৰিছে৷প্ৰতিনিধি দলটোৰ তত্বাৱধায়ক আছিল দেবিকা কেম্পৰায়৷মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এই সফলতাৰ বাবে বিভিন্ন জনে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷
The post পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ সাফল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Rs7LxA
via IFTTT
Comments
Post a Comment