দোষী বুলি ৰায় দিয়া বাবেই মেজিষ্ট্ৰেটক গালৈ চেন্দেল দলিয়ালে চোৰে

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানে জিলাত এজন চোৰে আদালতৰ ৰায়দানক লৈ অসন্তুষ্টি প্ৰকাশ কৰি মেজিষ্ট্ৰেটৰ গালৈ চেন্দেল দলিয়াওৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, অছৰফ আনছাৰী নামৰ এজন ২২ বৰ্ষীয় যুৱকক ভিৱণ্ডিৰ এঘৰৰ পৰিয়ালত সোমাই লুট পাত চোলোৱাৰ অভযোগত আৰক্ষীয়ে আটক কৰিছিল। বৃহস্পতিবাৰে ভিৱণ্ডিৰ আদালতত চোৰজনৰ গোচৰ চলোৱা হৈছিল। ইয়াৰ পিছতে মেজিষ্ট্ৰেট জে এছ পাঠানে আছৰফ আনছাৰী নামৰ যুৱকজনক দোষী বুলি ৰায় দান কৰে।

মেজিষ্ট্ৰেছৰ এই ৰায় দানৰ পাছতে ক্ষোভিত হৈ যুৱকজনে পিন্ধি থকা চেন্দেল খুলি মেজিষ্ট্ৰেটৰ গালৈ নিক্ষেপ কৰে। সৌভাগ্যক্ৰমে এই ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে মেজিষ্ট্ৰেটগৰাকী। যুৱকজনৰ বিৰুদ্ধে ৩৫৩ আৰু ২২৮ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

The post দোষী বুলি ৰায় দিয়া বাবেই মেজিষ্ট্ৰেটক গালৈ চেন্দেল দলিয়ালে চোৰে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2UzptRL
via IFTTT

Comments