শিৱসাগৰত ক’লা পতকা দেখুৱাই আটক বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰী

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত আয়োজন কৰা সভাত ক’লা পতাকা প্ৰদৰ্শন কৰি তীব্ৰ প্ৰতিবাদ কৰে বীৰ লাচিত সেনাই। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১২ বজাত শিৱসাগৰ নগৰৰ এ টি ৰোডত থকা হিন্দুধৰ্ম নামঘৰত সচেতন নাগৰিক মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত এখন সভা আহ্বান কৰিছিল। সভাত বিধেয়ক সন্দৰ্ভত আলোচনা চলি থকাৰ সময়তে মাজতেই বীৰ লাচিত সেনা শিৱসাগৰ জিলা সমিতিৰ একাংশ নেতা কৰ্মীয়ে নামঘৰটোৰ বাহিৰত ক’লা পতাকা প্ৰদৰ্শন কৰি বিজেপি মুৰ্দাবাদ, জয় আই অসম, নাগৰিকত্ব সংশোধনী বিল বাতিল হ’বই লাগিব আদি শ্ল’গান দি প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ বীৰ লাচিত সেনাৰ প্ৰতিবাদত বাধা প্ৰদান কৰাৰ লগতে ১০ জন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰে।

উল্লেখ্য যে, সচেতন নাগৰিক মঞ্চই নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ সমৰ্থনত এই সভাৰ আহ্বান কৰিছিল বুলি দাবী উত্থাপন কৰি বীৰ লাচিত সেনাই তাৰ প্ৰতিবাদ কৰি এই দৰে কলা পতকা প্ৰদৰ্শন কৰা বুলি মন্তব্য কৰে। সভাত বিজেপি আৰু আৰ এছ এছৰ বহুকেইজন নেতা উপস্থিত আছিল। আনহাতে আৰক্ষী প্ৰশাসনে সভা আৰম্ভ হোৱাৰ আগৰে পৰা প্ৰায় তিনি শতাধিক আৰক্ষীক হিন্দুধৰ্মৰ নামঘৰৰ আশে পাশে মোতায়েন কৰিছিল।

The post শিৱসাগৰত ক’লা পতকা দেখুৱাই আটক বীৰ লাচিত সেনাৰ প্ৰতিবাদকাৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2G0DioL
via IFTTT

Comments