ওদালগুৰিত নলাত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি চহৰৰ সুন্দৰীদিয়া পটি-শংকৰ নগৰ সংযোগী পথৰ নলাত বৃহস্পতিবাৰে পুৱা বেঘাপাৰাৰ বীৰেন নাৰ্জাৰীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। প্ৰাপ্ত খবৰ অনুসৰি, বৃহস্পতিবাৰে পুৱা স্থানীয় লোকে পথৰ কাষৰ নলাত চাইকেল এখন পৰি থকা দেখি ওচৰলৈ গৈ প্ৰত্যক্ষ কৰাত নলাটোত চাইকেলসহ এজন লোক পৰি থকা দেখে।

পেন্ট, জেকেট পৰিহিত মৃত লোকজন নলাটোত উবুৰিখাই লুতুৰি-পুতুৰি হৈ পৰি আছিল বাবে প্ৰথমাৱস্থাত চিনাক্ত কৰিব পৰা হোৱা নাছিল। ঘটনাৰ খবৰ পাই ওদালগুৰি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নলাৰ পৰা মৃতদেহটো ওপৰলৈ উঠাই আনে। সেই সময়তে ওচৰৰ বিবাহস্থলীৰ লোক ঘটনাস্থলীলৈ আহি মৃতলোকজন বেঘাপাৰাৰ বীৰেন নাৰ্জাৰী (৫৫) বুলি চিনাক্ত কৰে।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া বিবাহস্থলীৰ পৰা চাইকেলেৰে ঘৰলৈ গৈছিল লোকজন। সেই সময়তে ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। কি পৰিস্থিতিত চাইকেল সহ নলাত পৰিল সেয়া প্ৰকৃততে জানিব পৰা নাই যদিও, আৰক্ষীয়ে মদ্যপান কৰাৰ ফলতে লোক জনে নিয়ন্ত্ৰণ হেৰুৱাই নলাত পৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।

তাৰ পিছত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ পিছতে মৃত্যুৰ কাৰণ সঠিক ভাৱে জানিব পৰা যাব। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহটো পৰিয়ালৰ হাতত গটাই দিয়াৰ যো-জা কৰা হয়।

The post ওদালগুৰিত নলাত পৰি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2DK0bKP
via IFTTT

Comments