ঘগ্ৰাপাৰ কাণ্ড সন্ডৰ্ভত ছাত্ৰ সন্থাৰ সংবাদমেল

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী ঘগ্ৰাপাৰত যোৱা ২৭ জানুৱাৰী তাৰিখে বিজেপি আৰু ছাত্ৰ কৰ্মীৰ মাজত চলা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বুধবাৰে নলবাৰী ছাত্ৰ সন্থাৰ ছহিদ ভৱনত সন্থাৰ তৰফৰ পৰা এখন সংবাদ মেল অনুষ্ঠিত কৰে। সংবাদ মেলত সন্থাই বিজেপি চৰকাৰ , জিলা প্ৰশাসন আৰু আৰক্ষীৰ ওপৰত সৰব হৈ পৰে।

ভাষণ প্ৰসংগত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিমান বৰ্মনে কয়- গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবলৈ বিচাৰিছে বিজেপি চৰকাৰখনে। চৰকাৰখনে ধৰ্মৰ ভিত্তিত ভাগ ভাগ কৰি গনতন্ত্ৰ ধ্বংসত নামি পৰিছে। দেওবাৰে জিলা ছাত্ৰ সন্থাই ৰাজপথত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শান্তিপূৰ্ণ ভাবে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি থকাৰ সময়তে একংশ বিজেপি কৰ্মীয়ে  শিলগুটি নিক্ষেপেৰে আক্ৰমন কৰে বুলি অভিযোগ উত্থাপন কৰে। লগতে কয়- আমাক চিকিংসালয় লাগে , নলবাৰীৰ উন্নয়ন লাগে , নাগৰিকত্ব সংশোধনী বিধেয়ক নালাগে।

সংবাদ মেলত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ভবজিত বেজবৰুৱাই  উক্ত দিনাৰ ঘটনাত বিজেপি কৰ্মী প্ৰত্যক্ষভাবে জড়িত থকাৰ ফটোসহ প্ৰমান প্ৰদৰ্শণ কৰে । উক্ত সংবাদমেলত জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠকে কয়- জিলা প্ৰশাসনৰ নিৰ্দেশত আটকাধীন আছু কৰ্মীক বিজেপি কৰ্মীয়ে আক্ৰমণৰ অভিযুক্তক আটক কৰিছে যদিও ঘটনাৰ মুল অভিযুক্তক বনদ্বীপ ডেকা, কিশোৰ দাস, নন্দলাল সৰকাৰক আজি পৰ্যন্ত গ্ৰেপ্তাৰৰ কৰা নাই। ঘটনা সন্দৰ্ভত আক্ৰমণকাৰী দলটোৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰাৰ পিছতো প্ৰশাসনে কোনো গুৰুত্ব আৰোপ কৰা নাই বুলি অভিযোগ কৰে।

The post ঘগ্ৰাপাৰ কাণ্ড সন্ডৰ্ভত ছাত্ৰ সন্থাৰ সংবাদমেল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2B8IBP6
via IFTTT

Comments