উৰিয়ামঘাটত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পথ অৱৰোধ

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ সমগ্ৰ ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ চলি থকাৰ সময়তে অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটতো কেইবাটাও সংগঠনে বিধেয়কখন বাতিলৰ দাবীত ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্য্যসুচী গ্ৰহণ কৰে ।
উল্লেখ্য যে, উৰিয়ামঘাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থা, আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা , চাহ জনজাতি ছাত্ৰ সন্থা আৰু স্হানীয় ৰাইজে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। উল্লেখ্য যে, উক্ত কাৰ্যসূচীত উৰিয়ামঘাট আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে ধৰণী গগৈ আৰু তৰুণ কোঁৱৰ, ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি অনন্ত গগৈ, উৰিয়ামঘাট আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক দিপাংকৰ গগৈ, চাহ জনজাতি ছাত্ৰ সন্থাৰ সৰুপথাৰ শাখাৰ সম্পাদক উমেশ ঘাটোৱাৰ আৰু স্থানীয় ৰাইজেও অংশ গ্ৰহন কৰে। পথ অৱৰোধৰ ফলত অঞ্চলটোত ব্যাপক যান-জঁটৰ সৃষ্টি হয়।
The post উৰিয়ামঘাটত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পথ অৱৰোধ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2HHF3ZN
via IFTTT
Comments
Post a Comment