জি এল আগৰৱালা আৰু নাই

- জি এল পাব্লিকেশ্যনৰ পৰিচালন সঞ্চালক জি এল আগৰৱালা আৰু নাই।
- উলুবাৰীৰ নিজ বাসগৃহত ৪.৩০ বজাত দেহাৱসান আগৰৱালাৰ।
- আমাৰ অসম, পূৰ্বাঞ্চল প্ৰহৰী, নৰ্থ-ইষ্ট টাইমছকে ধৰি কেইবাখনো কাকত-আলোচনী প্ৰকাশ কৰি জি এল আগৰৱালাই চহকী কৰি গ’ল অসমৰ সংবাদ জগত।
- জি এল পাব্লিকেশ্যনৰ পৰা প্ৰকাশিত ‘আমাৰ অসম’ অন্যতম জনপ্ৰিয় আৰু প্ৰভাৱশালী বাতৰি কাকত।
- কিছু বছৰৰ ভিতৰতে প্ৰতিষ্ঠা লাভ কৰে জি এল পাব্লিকেশ্যন।
- বহু সামাজিক কাম–কাজৰ লগতো জড়িত থকা আগৰৱালাই সাহিত্য সভাৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত আছিল।
- সাহিত্য সভাৰ উদ্যোগত প্ৰকাশ পোৱা ‘বিশ্বকোষ’ৰো অন্যতম নেপথ্য লোক আছিল জি এল আগৰৱালা।
- জি এল ছ’চিয়েল চাৰ্কল প্ৰতিষ্ঠা কৰি বহু সামাজিক কৰ্মত জড়িত হৈ পৰিছিল প্ৰয়াত আগৰৱালা।
- ‘স্বৰ্গৰথ’ৰ জৰিয়তে মহানগৰীত দীৰ্ঘকাল সেৱা আগৱঢ়াই আহিছে জি এল ছ’চিয়েল চাৰ্কলে।
The post জি এল আগৰৱালা আৰু নাই appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GeTGRZ
via IFTTT
Comments
Post a Comment