বাক্সাৰ বাজেগাঁও পথাৰত উন্নয়ন খণ্ডৰ কামৰ শুভ উদ্বোধন এমচিএলএ গৌতম দাসৰ

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সা জিলাৰ ৰাইজৰ সুবিধাৰ্থে দীৰ্ঘদিনীয়া দাবীৰ অন্তত বৃহস্পতিবাৰে জিলাখনৰ নতুন গোৱৰ্দ্ধনা উন্নয়ন খণ্ডৰ স্বায়ী কাৰ্যালয় নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যৰ শুভ উদ্বোধন কৰে বিটিচিৰ ২০নং মথনগুৰি পৰিষদীয় সমষ্টিৰ এমচিএলএ গৌতম দাসে৷
তেওঁ উদ্বোধনী ভাষণত কয় যে, বাক্সাৰ গোৱৰ্দ্ধনা অঞ্চলবাসী ৰাইজে দীর্ঘদিন ধৰি অশেষ কষ্টৰে কাম কৰিবলগীয়া হৈছিল। বিগত বহুদিনীয়া দাবীৰ পিছত আমি নতুন কাৰ্যালয় উদ্বোধন কৰিবলৈ পালোঁ। বিগত বহু বছৰ ধৰি বৰপেটা জিলাৰ উন্নয়ন খণ্ডতে অস্থায়ীভাৱে বাক্সা জিলাৰ কাম-কাজবোৰ কৰা হৈছিল৷ বিগত দিনত বহুকেইখন ভিচিডিচিৰ কাম মাত্ৰ এজন বিডিঅই কৰিব লগীয়া হোৱাৰ লগতে বিপিএফৰ কৰ্মীসকলেও অশেষ কষ্ট কৰিব লগীয়া হৈছিল। কিন্তু এতিয়া বাক্সা জিলাৰ বাজেগাঁও পথাৰত নতুনকৈ স্থাপন কৰা উন্নয়ন খণ্ডৰ জৰিয়তে নিজাববীয়াকৈ ৰাইজে কাম কৰিবলৈ পাৰিব। এইয়া আমাৰ বাবে আজি অশেষ সুখৰ দিন।
এমচিএলএ গৰাকীয়ে নতুন গোৱৰ্দ্ধনা উন্নয়ন খণ্ড নিৰ্মাণৰ কাম গঢ়ি উঠাৰ ক্ষেত্ৰত সকলো স্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰি বক্তব্য সামৰে৷ আজিৰ কাৰ্যসূচীত বিপিএফৰ কেন্দ্রীয়, জিলা, ভিচিডিচি সমিতিৰ বিষয়ববীয়া সকলৰ লগতে কেইবা শতাধিক ৰাইজ উপস্থিত থাকে৷
The post বাক্সাৰ বাজেগাঁও পথাৰত উন্নয়ন খণ্ডৰ কামৰ শুভ উদ্বোধন এমচিএলএ গৌতম দাসৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Bd6nJT
via IFTTT
Comments
Post a Comment