টায়কোৱাণ্ডোৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপৰ ছাব-জুনিয়মৰ শাখাত ২ অসম সন্তানৰ স্বৰ্ণ জয়

ডিজিটেল ডেস্কঃ যোৱা ২৭ জানুৱাৰীৰ পৰা হায়দৰাবাদত অনুষ্ঠিত হৈছে এন চান্দ্ ৩৫ নেশ্যনেল ছাব-জুনিয়ৰ কিঅ’ৰুগী এণ্ড ৯ম নেশ্যনেল পুমছে প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ প্ৰেয়াৰ শাখাত স্তুতি কিংকিনি মজুমদাৰ আৰু ভাবাৰ্ণৱ পৰাগ চান্দিল্যই সোণৰ পদক লাভ কৰাৰ লগতে ব্যক্তিগত শাখাত ভাবাৰ্ণৱে ৰূপৰ আৰু ছোৱালীৰ দলীয় শাখাত ক্ৰমে স্তুতি কিংকিনি, নিষ্ঠা অনন্যা পাটগিৰি আৰু হিয়া লুনিয়াই ব্ৰঞ্জৰ পদক লাভ কৰিছে।

উল্লেখযোগ্য যে, নীলমজ্যোতি কলিতাৰ ওচৰত প্ৰশিক্ষণৰত স্তুতি কিংকিনি, নিষ্ঠা অনন্যা পাটগিৰি আৰু ভাবাৰ্ণৱ কেওটা কিশোৰেই অসমৰ সন্তান। ইয়াৰ স্তুতি কিংকিনি অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰী আৰু শ্বহীদ সাংবাদিক অনিল মজুমদাৰ তথা ৰাজগড় নিবাসী মল্লিকা কলিতা মজুমদাৰৰ কন্যা। অহা ৯ ফেব্ৰুৱাৰীলৈকে অনু্ষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনৰ আন বহু ইভেন্টত অসমৰ এই কিশোৰ কেইটিয়ে বিশেষ সফলতা দেখুৱাবলৈ সক্ষম হ’ব বুলি আশা কৰিছে প্ৰশিক্ষক নীলমজ্যোতি কলিতাই।

The post টায়কোৱাণ্ডোৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বীপৰ ছাব-জুনিয়মৰ শাখাত ২ অসম সন্তানৰ স্বৰ্ণ জয় appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2MMQChr
via IFTTT

Comments