শুভ নৱবৰ্ষ…

ডিজিটেল ডেস্কঃ আজি নৱবৰ্ষৰ পহিলা দিন। এটা স্নিগ্ধ পুৱাৰ আবিৰেৰে যেন আৰম্ভ হৈছে আজিৰ দিনটো। নৱবৰ্ষৰ সেউজ উচাহত নামি আহিছে এচমকা কোমল ৰ’দ। পহিলা জানুৱাৰীৰৰ গাত কুঁৱলীৰ পাতল আঁচল। এনেদৰেই আৰম্ভণি এটা নতুন বছৰৰ। ২০১৯ৰ।

২০১৮ৰ বুকুত ক’ত সুখ ক’ত দুখ সামৰি বিদায় লোৱাৰ বেলাত সকলোৰে মনত এটাই সপোন.. নৱবৰ্ষটোত সকলো ভাল হওক। সকলো ফালে কেৱল শান্তি বিয়পক। যোৱা বছৰটোত যি হ’ল হ’ল, অন্তত এই বছৰটোত কোনো মন্ত্ৰীয়ে মিছা প্ৰতিশ্ৰুতি নিদিয়ক, কোনো সন্ত্ৰাসবাদীয়ে ক’তো গুলীয়াই নামাৰক চফল ডেকাক।

নতুন বছৰটো সকলোৰে বাবে নতুন। নতুন উদ্যম, নতুন প্ৰতিশ্ৰুতি, নতুন সংকল্প। বিগত বৰ্ষতকৈ এই বৰ্ষত সকলোৱে যে অধিক উদ্যমেৰে জীয়াই থাকিব পাৰে, সেয়াও সম্ভৱ হৈ উঠক।

আজি পহিলা জানুৱাৰীৰ পুৱা আমিও আশা কৰিছো, ভাল খবৰবোৰেই সংবাদ মাধ্যমৰ বাতৰি হওক। চৰকাৰে দৰিদ্ৰ জনতাৰ কথা ভাৱক, কৃষি ঋণ মাফ হওক, গেছ চিলিণ্ডাৰ, পেট্ৰল, খাদ্য সামগ্ৰী আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হ্ৰাস হওক। নৱবৰ্ষটো সকলোৰে বাবে এক নতুন আলোক হওঁক। তাৰেই কামনাৰে শুভ নৱবৰ্ষ…

The post শুভ নৱবৰ্ষ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2Rs7kam
via IFTTT

Comments

Popular Posts