হেৰাই যোৱাৰ দিশে ৰং-বিৰঙৰ গ্ৰিটিংছ কাৰ্ড
ধন আহমেদ, ১ জানুৱাৰী ঃ
অতীত হোৱাৰ দিশে আগবাঢ়িছে ৰং-বিৰঙৰ গ্ৰিটিংছ কাৰ্ড। পূৰ্বতে নৱবৰ্ষৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ বজাৰসমূহত উভৈনদী হৈ পৰা গ্ৰিটিংছ কাৰ্ড অতীত হোৱাৰ দিশে। বজাৰসমূহত গ্ৰিটিংছ কাৰ্ডসমূহ ক্ৰয় কৰিবলৈ ভিৰ কৰিছিল যুৱক-যুৱতীৰ লগতে প্ৰেমিক-প্ৰেমিকাই। নৱ বৰ্ষক ওলগ জনোৱাৰ উদ্দেশ্যৰে প্ৰতিজনে গ্ৰিটিংছ কাৰ্ড ক্ৰয় কৰি আপোনজনলৈ প্ৰেৰণ কৰিছিল। কিন্তু আজি সেই গ্ৰিটিং কাৰ্ডসমূহ যেন এতিয়া পাহৰণিৰ গৰ্ভত। বজাৰসমূহতো এতিয়া বিচাৰি পাবলৈ নাই ৰং-বিৰঙৰ তাহানীৰ গ্ৰিটিংছ কাৰ্ড। নহ’বও কিয়হ্ল বিশ্বজুৰি ছ’চিয়েল মিডিয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ ফলস্বৰূপে সমগ্ৰ বিশ্বৰ লগতে ভাৰতসহ অসমতো গ্ৰিটিংছ কাৰ্ডসমূহ এতিয়া এলাগী হৈ পৰিছে। আপোনজনলৈ এতিয়া নৱবৰ্ষৰ শুভেচ্ছা ছ’চিয়েল মিডিয়াৰে প্ৰেৰণ কৰাৰ প্ৰথা আমাৰ মাজত আহি পৰিছে। যি প্ৰথাত নাই আত্মীয়তা, শ্ৰদ্ধা, আশিস,¸ আপোনজনৰ মৰম-ভালপোৱাৰ প্ৰকৃত শুভেচ্ছাবাণী।
পূৰ্বতে গ্ৰিটিংছ কাৰ্ড প্ৰদানৰ বেলিকা আপোনজনৰ যি ধৰণৰ মৰম-ভালপোৱা শুভেচ্ছাবাণী আছিল, য’ত এজনে আনজনৰ মনৰ ভাব প্ৰকাশ কৰিছিল প্ৰেমৰ ক্ষেত্ৰতে হওক বা বন্বুূত্বৰ ক্ষেত্ৰতেই হওক গ্ৰিটিংছৰ জৰিয়তে। যিটো আমাৰ মাজত বছৰ বছৰ ধৰি মনৰ মাজত সজীৱ হৈ আছিল। গ্ৰিটিংছ কাৰ্ড মাথোঁ শুভেচ্ছাবাণীয়েই নাছিল, তাহানীত কাৰোবাক বন্বুূত্ব, আন কাৰোবাক ভাল পোৱাৰ মনৰ ভাব প্ৰকাশ কৰিছিল গ্ৰিটিংছৰ জৰিয়তে। কিন্তু আজিৰ প্ৰজন্মৰ হাতে হাতে স্মাৰ্ট ফোন তেনেই সুলভ হোৱাত হোৱাটএপ, মেছেঞ্জাৰ, টুইটাৰ আদিৰে সহজে কাৰোবাক শুভেচ্ছা বাণী দিয়াৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ আন এক কাৰক হিচাপেও দেখা দিয়াত গ্ৰিটিংছ কাৰ্ডৰ মূল্য নোহোৱা হৈ পৰিছে।
ছ’চিয়েল মিডিয়াত আজিৰ প্ৰজন্ম বিভোৰ হৈ থকাৰ ফলতেই হেৰাই যোৱাৰ উপক্ৰম ঘটিছে গ্ৰিটিংছ কাৰ্ড। আজিৰ প্ৰজন্মই ৰং-বিৰঙৰ গ্ৰিটিংছ কাৰ্ডসমূহ গ্ৰহণ নকৰাৰ বাবে বজাৰসমূহতো উপলব্ধ নোহোৱা হৈ পৰিছে। যাৰ বাবে উঠি অহা প্ৰজন্মই পূৰ্বৰ গ্ৰিটিংছ কাৰ্ডৰ যি মাদকতা সেই মাদকতা লোৱাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে। ছ’চিয়েল মিডিয়াৰ ধামখুমীয়াত নৱপ্ৰজন্ম ব্যস্ত হৈ থকাৰ বাবে মাদকতা লোৱাৰ পৰা বঞ্চিত হৈছে গ্ৰিটিংছ কাৰ্ডৰ। আজিৰ প্ৰজন্মৰ বাবে আওপুৰণি হৈ পৰা গ্ৰিটিংছ কাৰ্ডসমূহত মাদকতাক সঁুৱৰি হাবাথুৰি খাবলগীয়া হৈছে আমাৰ আগৰ প্ৰজন্মই। উল্লেখ্য যে পূৰ্বতে গাঁৱে-ভূঞে, চহৰ-নগৰে উভৈনদী হৈছিল নৱবৰ্ষৰ প্ৰাকক্ষণত ৰং-বিৰãৰ লগতে বিভিন্ন ধৰণৰ আকৃতিৰ গ্ৰিটিংছ কাৰ্ড। ইমানেই নহয়, পূৰ্বতে গাঁৱে-ভূঞে, চহৰ-নগৰে গ্ৰিটিংছ কাৰ্ডৰ আদান-প্ৰদানৰ ধাৰা নৱবৰ্ষৰ মাহজুৰি চলিছিল। কিন্তু ছ’চিয়েল মিডিয়াৰ প্ৰসাৰে সেই ধাৰা গ্ৰাস কৰাৰ উপক্ৰম ঘটিছে। যাৰ বাবে আমাৰ মাজৰ স্মৃতি হ’বলৈ গৈ আছে গ্ৰিটিংছ কাৰ্ডৰ প্ৰথা।
The post হেৰাই যোৱাৰ দিশে ৰং-বিৰঙৰ গ্ৰিটিংছ কাৰ্ড appeared first on Gana Adhikar.
from Gana Adhikar http://bit.ly/2SvKgov
via IFTTT
Comments
Post a Comment