মৃত্যুদণ্ডৰে দণ্ডিত শ্বেতা আগৰৱাল হত্যাকাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দোষমুক্ত ঘোষণা…

ডিজিটেল ডেস্ক: মেধাৱী ছাত্ৰী শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ সন্দৰ্ভত শনিবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিলে ন্যায়ালয়ে। ৫ বছৰ পূৰ্বে ৰাজ্য জোকাৰি যোৱা শ্বেতা আগৰৱালৰ চাঞ্চলক্যৰ হত্যাকাণ্ডৰ মূল অভিযুক্তক দোষমুক্তৰ ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, ২০১৭ চনৰ ৪ ডিচেম্বৰত গুৱাহাটীৰ ভৰলুমুখস্থিত গোবিন্দ সিংঘালৰ ঘৰত মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালৰক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল। গোবিন্দ সিংঘালৰ ঘৰৰ বাথৰুমৰ পৰা উদ্ধাৰ কৰা হৈছিল শ্বেতাৰ মৃতদেহ। সেই সময়ত শ্বেতা আগৰৱালক জীৱন্তে জ্বলাই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছিল গোবিন্দ সিংঘালৰ বিৰুদ্ধে।

এই গোচৰৰ ভিত্তিত আৰক্ষীকে অভিযুক্তক আটক কৰিছিল আৰু কামৰূপ ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলিছিল। ২০১৯ চনত নিম্ন আদালতে গোবিন্দক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰিছিল। আনহাতে গোবিন্দৰ মাতৃ আৰু ভগ্নীত এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। নিম্ন আদালতৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ পিছতে ৯ এপ্ৰিল, ২০২২ শনিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে মৃত্যুদণ্ডৰে দণ্ডিত তিনিওকে দোষমুক্ত ঘোষণা কৰিছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে অৱশ্যে মূল অভিযুক্ত গোবিন্দৰ মৃত্যুদণ্ডৰ ৰায়ৰ প্ৰসংগটো পুনৰ নিম্ন আদালতত শুনানিৰ নিৰ্দেশ প্ৰদান কৰিছে। এই শুনানি ৬ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব বুলিও নিৰ্দেশ প্ৰদান কৰা হৈছে।



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/kdvzL1t
via IFTTT

Comments