অইলক পৰাজিত কৰি ষষ্ঠবাৰৰ বাবে এ টি পি এৰ খিতাপ লাভ অসম ৰাজ্যিক বিদ্যুত পৰিষদৰ…

ডিজিটেল সংবাদ, যোৰহাটঃ অসম ৰাজ্যিক বিদ্যুত পৰিষদে দুলীয়াজান অইল ইণ্ডিয়া একাদশক পৰাজিত কৰি ৫৭ সংখ্যক এ টি পিএ শিল্ড ফুটবল প্ৰতিযোগিতাত খিতাপ দখল কৰিছে । যোৰহাট ষ্টেডিয়ামত আজি অনুষ্ঠিত উত্তেজনাপূৰ্ণ ৰোমাঞ্চকৰ চূড়ান্ত খেলত অসম ৰাজ্যিক বিদ্যুত পৰিষদে অইল ইণ্ডিয়াক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰি ষষ্ঠবাৰৰ বাবে এ টি পিএ শিল্ড নিজৰ দখলত ৰাখিবলৈ সক্ষম হয় । খেলৰ আৰম্ভনিৰে পৰা দুয়োটা দলে চুটি চুটি পাছেৰে বিপক্ষৰ গলবক্সত হেচাৰ সৃষ্টি কৰে ।
খেলৰ ১৩ মিনিটতে অইল ইণ্ডিয়াৰ এজন খেলুৱৈক বিদ্যুত পৰিষদৰ ডিফেণ্ডাৰে বক্সৰ ভিতৰতে ফাউল কৰাৰ অইলে পেনাল্টি লাভ কৰে । অইলৰ ১১ নম্বৰ জাৰ্চী পৰিহিত মিন্টু বড়োৱে পেনাল্টি কাৰ্যকৰী কৰি দলক ১-০ অগ্ৰগতি প্ৰদান কৰে । এগলত পাছপৰি বিদ্যুত পৰিষদে অইলৰ গলবক্সত হেচা দি কেবাটাও সুযোগ সৃষ্টি কৰে যদিও দূৰ্বল ফিনিছিংৰ বাবে গল লাভ কৰিবলৈ সক্ষম নহল ।
১-০ ব্যৱধানত পাছপৰি দ্বিতীয়াৰ্ধ আৰম্ভ কৰা বিদ্যুত পৰিষদে অধিক উজ্জীৱিত প্ৰদৰ্শনেৰে অইলক হেচাত ৰাখিবলৈ আৰম্ভ কৰে । ফলত অইলে আক্ৰমণাত্মক শৈলীৰ পৰিবৰ্তে ৰক্ষণাত্মক খেল প্ৰদৰ্শনেৰে নিজৰ দুৰ্গ ৰক্ষাত ব্যস্ত হৈ পৰে । খেলৰ ৫৩ মিনিটত বিদ্যুত পৰিষদে এটি সুন্দৰ সুযোগ পাইছিল যদিও তাকো গলবাৰৰ ওপৰেৰে মাৰি নষ্ট কৰে । ৬৭ মিনিটত বিদ্যুত পৰিষদৰ জিজ্ঞাস ডেকাৰ মাইনাছত ষ্ট্ৰাইকাৰ নিকডিম নাৰ্জাৰীৰ হেড গলবক্সৰ ওপৰেৰে যোৱাত বিদ্যুত পৰিষদে পুনৰ সমতা স্থাপনৰ সুযোগ হেৰুৱায়।
ক্ৰমান্বয়ে অধিক অগ্ৰাসী হৈ উঠা বিদ্যুতৰ হৈ খেলৰ ৭৪ মিনিটত সুবুংসা বসুমতাৰীয়ে ৰাইট উইঙৰ পৰা দিয়া এটা সুন্দৰ পাছত নিৰ্ভৰযোগ্য ষ্ট্ৰাইকাৰ ত্ৰিদিব বড়োৱে বল নেটলৈ ঠেলি বিদ্যুত পৰিষদক সমতা স্থাপন কৰোৱায় । সমতা স্থাপনৰ পাছতে অধিক সংগবদ্ধ আক্ৰমণৰ জৰিয়তে ৮১ মিনিটত বিদ্যুতৰ নিৰ্ভৰযোগ্য হাফ সুবুংসা বসুমতাৰীয়ে লেফট উইঙৰ পৰা দিয়া পাছত নিকডিম নাৰ্জাৰীয়ে সুন্দৰ শ্বটেৰে গল কৰি দলক ২-১ গলত অগ্ৰগতি প্ৰদান কৰে । অগ্ৰগতি লাভ কৰি নিজৰ চন্দ ঘুৰাই পোৱা বিদ্যুতে অইলৰ ওপৰত অহৰহ হেচা প্ৰয়োগ কৰে যদিও অধিক গল কৰিবলৈ সক্ষম নহল ।
খেলৰ ৫৬ মিনিটত অইলৰ গলৰক্ষক অৰুপ বৰুৱাই ৰেফাৰীক কৰা দুৰ্ব্যৱহাৰৰ বাবে হালধীয়া কাৰ্ড লাভ কৰে । ৬০ মিনিটত অইলৰ বাসুদেৱ বৰুৱাক বিধিনিষিদ্ধ ফাউলৰ বাবে ৰেফাৰীয়ে হালধীয়া কাৰ্ড দেখুৱায় ।৭১ মিনিটত সুনীল মুৰ্মুক হালধীয়া কাৰ্ড দেখুৱায় ।প্ৰতিযোগিতাৰ সৰ্বোচ্চ গলদাতাৰ সন্মান লাভ কৰে যোৰহাট টাউন ক্লাব দলৰ অধিকাৰী মায়ুঙ ডিংকু শৰ্মাই। অসম ৰাজ্যিক বিদ্যুত পৰিষদ দলৰ ত্ৰিদিপ বড়োৱে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলূৱৈৰ সন্মান লাভ কৰে । ফ্লেয়াৰ প্লে দলৰ বটা লাভ কৰে গোৰ্খা ট্ৰেইনিঙ চেন্টাৰে ।
যোৰহাট জিলা ক্ৰীয়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে আত ধৰা বটা বিতৰণী অনুষ্ঠানত বিজয়ী দল অসম ৰাজ্যিক বিদ্যুত পৰিষদক বটা প্ৰদান কৰে সাংসদ তপন গগৈ আৰু এ টি পি এৰ চেয়াৰমেন গৌতম বৰুৱাই। বিজিত দল অইল ইণ্ডিয়া একাদশক বটা প্ৰদান কৰে অসম ফুটবল সন্থাৰ উপ সভাপতি অৰুণজ্যোতি মৰাণে । খেল পৰিচালনা কৰে সুমন্ত দত্তই । লাইনত বিমান বুঢ়াগোহাই ,পৱন পাঠক । চতুৰ্থ থানেশ্বৰ ৰেগন ।
আজিৰ চূড়ান্ত খেলৰ পূৰ্বে অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈ , এ টি পি এৰ চেয়াৰমেন গৌতম বৰুৱা , ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী ,উপ মুখ্য কাৰ্যবাহী পুলক কছাৰী, অসম ফুটবল সন্থাৰ অৰুণজ্যোতি মৰাণ, খেলুৱৈসকলৰ সৈতে পৰিচয় হয় ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/LRdmIT7
via IFTTT
Comments
Post a Comment