যৌন নিৰ্যাতনৰ অভিযোগে কপাইছে নগাঁৱৰ উচ্চ শিক্ষানুষ্ঠান…

- নগাঁৱৰ ঐতিহ্যমণ্ডিত এ ডি পি কলেজৰ অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ।
- নিৰ্যাতনৰ অভিযোগ উঠা অধ্যক্ষ জনৰ নাম হৈছে ড° সুৰজিৎ ভাগৱতী।
- এ ডি পি কলেজৰ মহিলা প্ৰবক্তাই অধ্যক্ষৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।
- নগাঁও সদৰ থানাত শনিবাৰে দাখিল কৰিছে এই এজাহাৰ।
- ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৪ (এ), ৩৭৬, ৫১১ নম্বৰৰ ধাৰা প্ৰযোজ্য কৰিছে আৰক্ষীয়ে।
- আৰক্ষীয়ে ৰুজু কৰা গোচৰৰ নম্বৰ হৈছে ৪৩০/২০২২ ৷
- ইফালে এডিপি কলেজৰ অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়েও আৰক্ষীক অভিযোগ দিছে।
- যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰা মহিলা প্ৰবক্তাৰ বিৰুদ্ধে অধ্যক্ষ ড° সুৰজিৎ ভাগৱতীয়ে দাখিল কৰিছে অভিযোগ।
- অধ্যক্ষৰ অভিযোগ – স্থায়ী পদৰ নিয়ুক্তি বিচাৰি ব্লেকমেইল কৰিছে প্ৰবক্তাগৰাকীয়ে।
- আৰক্ষীৰ সঠিক তদন্ততহে স্পষ্ট হ’ব প্ৰকৃততে কোন সচাঁ কোন মিচাঁ।
- অভিযোগ-প্ৰতিঅভিযোগৰ সৰ্ন্দভত আৰক্ষীৰ সঠিক তদন্তৰ আশা কৰিছে ৰাইজে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2iLvcxJ
via IFTTT
Comments
Post a Comment