ডবকাৰ শালবাগানত পথ দুৰ্ঘটনা, থিতাতে নিহত এক, আহত চাৰি…

ডিজিটেল সংবাদ,ডবকাঃ হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ অন্তৰ্গত শালবাগানৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি ভয়ংকৰ পথ দুৰ্ঘটনা সংগঠিত হয় ৷ দুঘৰ্টনাৰ ফলত থিতাতে হয় এজন লোক আৰু গুৰুতৰ ভাবে আহত হয় চাৰিজন ৷ ইয়াৰে দুজনৰ অৱস্থা অতি সংকতজনক ৷
প্ৰাপ্ত তথ্য অনুসৰি আজি আবেলি কাৰ্বিআংলৰ ফালৰ পৰা নগাওঁ অভিমুখে আহি থকা এখন নম্বৰ প্লেট বিহীন মহিন্দ্ৰা এক্স ই ভি ৩০০ গাড়ীখনে নিয়ন্ত্ৰন হেৰুৱাই ডবকাৰ শালবাগানত প্ৰথমে বিপৰীত দিশেৰে গৈ থকা এ এছ ০১ ই টি ৯৬৫৩ নম্বৰৰ ৰয়েল এণ্ডফিল মটৰ চাইকেল খনত খুন্দা মাৰে ৷ মটৰ চাইকেলখন থিতাতে বাগৰি পৰি দুৰ্ঘটনাত পতিত হয় আৰু তাত থকা দুই মটৰ চাইকেল আৰোহী ক্ৰমে সূৰ্য ৰংপি আৰু গৌতম টকবি গুৰুতৰ ভাবে আহত হয় ৷ আহত দুয়োৰে ঘৰ কাৰ্বিআংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত লকচ্ গাৱত ৷
এই খনত খুন্দা মৰাৰ পাছতেই পুনৰ ডবকাৰ পৰা কাৰ্বিআংলং জিলা অভিমুখে গৈ থকা এছ ০৯ এইছ ৪৩১৫ নম্বৰৰ বাজাজ এভেঞ্জাৰ মটৰ চাইকেলখনটো একেখন গাড়ীয়ে খুন্দা মাৰে ৷ ফলত এইখনখন মটৰ চাইকেলৰ আৰোহী জন থিতাতে নিহত হয় ৷ নিহত লোকজন কাৰ্বিআংলং জিলাৰ হাওঁৰাঘাটৰ নেপালী বস্তিৰ বিজয় চেত্ৰী আৰু তেওঁ নগাওঁ ৰূপহীৰ এখন বিদ্যালয়ৰ শিক্ষক ৷
ইফালে চাৰিচকীয়া বাহনত থকা অচ্যুত দাস আৰু নজমূল হুছেইনো গুৰুতৰ ভাবে আহত হয় ৷ দুয়ো নগাওঁৰ টাটা মটৰচ ৰ কৰ্মচাৰী হয় বুলি জানিব পৰা গৈছে ৷ ইফালে খবৰ পোৱাৰ মাত্ৰকেই হালধীআটী আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বতত যোৱা আৰক্ষীৰ দলটো ঘটনাস্থলিত উপস্থিত হৈ অতি ততপৰতাৰে স্থানীয় ৰাইজৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি ডবকা ৩০ খন বিচনাযুক্ত চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷
ডবকা ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত অতি সংকত অৱস্থাত সূৰ্য্য ইংতি আৰু গৌতম টকবিক গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰন কৰে ৷ আনহাতে টাটা মটৰচৰ দুই কৰ্মচাৰী ক্ৰমে অচ্যুত দাস আৰু নজমূল হোচেইনক উন্নত চিকিৎসাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/DWs5Xbi
via IFTTT
Comments
Post a Comment