চিবিআই, ইডিক এটা সংস্থাৰ অধীনলৈ অনাৰ দাবী চলমান খুৰ্ছিদৰ…

ডিজিটেল ডেস্কঃ বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা লেখক চলমান খুৰ্ছিদে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ চমুকৈ চি বি আই আৰু প্ৰৱৰ্তন সঞ্চালকালয় চমুকৈ ই ডি এটা স্বতন্ত্ৰ সংস্থাৰ অধীনলৈ আহিব লাগে। শনিবাৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে কৰা এই মন্তব্যই এতিয়া সমগ্ৰ দেশ জুৰি চৰ্চা চলিছে। বহুতেই তেওঁক সমৰ্থন কৰাও দেখা গৈছে।
উল্লেখ্য যে, প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাইও চি বি আই আৰু ই ডিক এটা স্বতন্ত্ৰ সংস্থাৰ অধীনলৈ আনিবলৈ পৰামৰ্শ আগবঢ়াইছিল। চলমান খুৰ্ছিদে প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীৰ উদ্ধৃতিৰে কয় যে, প্ৰাক্তন চিজেআইয়ে এই কথাই কৈছিল।
জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগ, বিজেপিয়ে দেশৰ বিৰোধী শিবিৰক শেষ কৰিবলৈ চেষ্টা চলাইছে। তেওঁলোকে একনায়কত্ববাদ চলাই আছে। মন কৰিবলীয়া যে, প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাই চি বি আইৰ বিশ্বাসযোগ্যতা হেৰাইছে বুলি মন্তব্য কৰিছিল। তেওঁ দেশৰ বিভিন্ন অনুসন্ধানকাৰী সংস্থাক এটা সংস্থাৰ অধীনলৈ আনিবলৈ পৰামৰ্শ আগবঢ়াইছিল।
S
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/zdiJmtw
via IFTTT
Comments
Post a Comment