নগাঁৱৰ পশ্চিমাঞ্চলত চতৰ বৰষুণত বুৰিছে কৃষিভূমিঃ অভাবনীয়ভাবে হ্ৰাস পাইছে পাচলিৰ উৎপাদন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ প্ৰায় আশী শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল ৷ ঘাইকৈ জিলাখনৰ জাজৰি, ৰাইদঙীয়া, আলিটাঙনি, ভোমোৰাগুৰি, ধূপগুৰি, কদমনি, বাটমাৰী, বটদ্ৰৱা, শান্তিজান, ৰামপুৰ, ডুমডুমীয়া, বালিকটীয়া, শিলপুখুৰী, ৰৌমাৰী, টুকটুকী, কটহগুৰি, বৰিবজাৰ, কুঁজি, টকৌবাৰী, হাতীযুঁজোৱা, মেৰাতল, ভেটিবাৰী, আমলখি, বাৰোৱাটি, বেছামাৰী, ধনীয়াভেটি, টকৌবাৰী আদি অঞ্চলৰ অধিকাংশ কৃষকেই বছৰ বছৰ ধৰি আন খেতিৰ লগতে শাক-পাচলিৰ খেতি কৰি আহিছে৷
পৰ্যাপ্ত চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ বহু কষ্টৰে এইসকল কৃষকে আওপুৰণি পদ্ধতিৰেই গোটেই বছৰজুৰি বেঙেনা, কবি, বিলাহী, পটল, লেচেৰী, উৰহী, আলু, গাজৰ, ভাতকেৰেলা, ৰঙালাও, মূলা, জলকীয়া আদি বিভিন্ন প্ৰকাৰৰ পাচলি উৎপাদন কৰি জীৱিকা-নিৰ্বাহ কৰি আহিছে৷
কিন্তু সম্প্ৰতি পৰিথকা নেৰানেপেৰা বৰষুণে এইসকল কৃষকক আহুকাল পৰিস্থিতিৰ সন্মুখীন কৰাইছে৷ বিগত এসপ্তাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণত কৃষিভূমিবোৰ জলমগ্ন হৈ পৰাই বাবেই উক্ত অঞ্চলবোৰৰ পাচলিবোৰ পথাৰতে গেলিবলৈ ধৰিছে৷ আৰু যি দুুই এজোপা বাছিচে তাৰো ফুল সৰি পৰিছে যাৰ পৰিণতিত উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পোৱাত বজাৰত পাচলিৰ নাটনি হোৱা দৃষ্টিগোচৰ গৈছে।
বৃহত্তৰ অঞ্চলটোৰ ডুমডুমীয়া, আলিটাঙনী, ধিং, বালিসত্র, কদমনি, বটদ্রৱা, টুকটুকী, জাজৰি ভোমোৰাগুৰি আদি অঞ্চলৰ উপৰিও চৰ-চাপৰি অঞ্চলৰ কৃষক সকলেও বিভিন্ন ধৰনৰ শাক পাচলি উৎপাদন কৰি ৰাইজৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰন কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাই আহিছে।
কৃষক সকলে গাঠিৰ ধন ভাঙি উচ্চহাৰত উন্নত মানৰ বীজ, বিভিন্ন ধৰনৰ ৰাসায়নিক সাৰ, ঔষধ ক্রয় কৰি অতি কষ্টৰে এই পাচলি খেতি কৰাৰ পাচত এনে দৰে বৰষুন আৰু বানৰ ফলত নষ্ট হোৱাত খেতিয়কসকলৰ পানীত হাঁহ নচৰা অবস্থাৰ সৃষ্টি হৈছে।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/p7e3IlJ
via IFTTT
Comments
Post a Comment