জামুগুৰি গাঁৱৰ ৰাইজে আটক কৰিলে ড্ৰাগছ পেডলাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত জামুগুৰি গাঁৱত ৰাইজৰ দ্বাৰা আটক ড্ৰাগছ পেডলাৰ। গাঁও খনৰ চাহজাহান আলি নামৰ এজনে মুকলিকৈ চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায়। আজি পুৱা স্থানীয় ৰাইজে ড্ৰাগছ সহ চাহজাহানক আটক কৰে। উল্লেখ্য যে, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বদলি হোৱাৰে পৰাই পুনৰ নগাঁৱত সক্ৰিয় হৈ উঠিছে ড্ৰাগছৰ ব্যৱসায়। ৰাইজৰ অভিযোগ আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে জামুগুৰি গাঁৱত অৱাধে বিক্ৰী হৈ আহিছে নিষিদ্ধ ড্ৰাগছ।
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EzAiSW
via IFTTT
Comments
Post a Comment